ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া ক’ত উত্তোলন কৰা হৈছিল আমাৰ ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগা সেইকথা বাৰু আপুনি জানেনে? আমাৰ বেছিভাগেই হয়তো এই বিষয়ে অৱগত নহয় । ভাৰতৰ প’ৰ্ট ব্লেয়াৰত প্ৰথমে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল।
সেয়েহে প’ৰ্ট ব্লেয়াৰৰ অন্যতম জনপ্ৰিয় ঠাই এই ফ্লেগ পইণ্ট। বেছিভাগ মানুহ প’ৰ্ট ব্লেয়াৰলৈ এই ঠাই দৰ্শন কৰিবলৈ আহে। ব্ৰিটিছ শাসনাধীন ভাৰতত প’ৰ্ট ব্লেয়াৰতেই দিয়া হৈছিল ক’লা পানীৰ শাস্তি ।
এইবাৰ ২০২৩ চনৰ ৩০ জানুৱাৰীত প্ৰথমবাৰৰ বাবে এই ত্ৰিৰংগা ৮ দশক অতিক্ৰম কৰাৰ বাবে উত্তোলন কৰা হ’ব। ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ মাটিত ত্ৰিৰংগা উত্তোলন কৰে। এই ত্ৰিৰংগা উত্তোলন কৰা ঠাইখনক ফ্লেগ পইণ্ট বুলি কোৱা হয়।
প’ৰ্ট ব্লেয়াৰ ইয়াৰ সৌন্দৰ্য্যৰ বাবেও পৰিচিত। আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ অংশ প’ৰ্ট ব্লেয়াৰ বিশ্বৰ এক জনপ্ৰিয় পৰ্য্যটন থলী ।