ৰাজ্যত বলবৎ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক নতুন নিয়ম । এই নিয়ম প্ৰযোজ্য হ’ব গ্রামাঞ্চলৰ ক্ষেত্ৰত । চৰকাৰৰ এই নতুন নিয়ম অনুসৰি গ্রামাঞ্চলত এতিয়াৰে পৰা কোনো লোকে মন গ’লেই ঘৰ সাজিব নোৱাৰিব। ঘৰ সাজিবৰ বাবে চৰকাৰক এক নিৰ্দিষ্ট পৰিমাণৰ কৰ দিব লাগিব লোকসকলে ।
উল্লখযোগ্য যে পূৰ্বতে গৃহ নিৰ্মাণৰ বাবে বিশেষকৈ গ্ৰাম্য অঞ্চল সমূহত পঞ্চায়তসমূহৰ পৰা কোনো ধৰণৰ অনুমতি লোৱাৰ প্ৰয়োজন নাছিল । কিন্তু এতিয়াৰে পৰা গ্ৰাম্য অঞ্চলত গৃহ নিৰ্মাণ কৰিব বিচাৰিলে আগতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি ল’ব লাগিব ।
উল্লেখ্য যে এক নতুন কৰ ব্যৱস্থা সংযোজিত হ’ল গ্রামাঞ্চলৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত। ৰাজ্য চৰকাৰে এই কথাও সদৰি কৰিছে যে ঘৰৰ উপৰিও গ্রামাঞ্চলৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বাবেও লোকসকলে পঞ্চায়তৰ অনুমতি ল’ব লাগিব। লগতে ক্ষুদ্ৰ উদ্যোগৰ বাবেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। এনে উদ্যোগৰ বাবে গাঁও পঞ্চায়তৰ পৰা এন অ’ চি ল’ব লাগিব লোকসকলে।
আনহাতে নতুন কৰ ব্যৱস্থা সংযোগ কৰা হৈছে যদিও কেনেধৰণৰ ঘৰৰ বাবে কিমান পৰিমাণৰ কৰ দিব লাগিব সেই পৰিমাণ এতিয়ালৈকে চৰকাৰে ধাৰ্য কৰি দিয়া নাই। উন্নয়নৰ ক্ষেত্ৰত অসমৰ গ্রামাঞ্চলসমূহ এতিয়াও বহুত পিচপৰি আছে । চিকিৎসালয়, ৰাস্তা-ঘাট , খোৱাপানী ,বিদ্যালয় আৰু বহুতো ক্ষেত্ৰত সুব্যৱস্থা নথকা গ্রামাঞ্চলত চৰকাৰে আৰোপ কৰা এনেধৰণৰ কৰ ব্যৱস্থাই পৰৱৰ্তী সময়ত সেই ঠাইৰ লোকসকলৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ’ব।