৪৫ দিনৰ ভিতৰত গোৱালপাৰা জিলাৰ মাটিয়াত নিৰ্মীয়মান ডিটেনচন চেণ্টাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দি গুৱাহাটী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে যে অসমৰ বিভিন্ন ৰাজ্যৰ জিলা কাৰাগাৰৰ সকলো বিচাৰাধীন বন্দীক ডিটেনচন কেন্দ্ৰলৈ স্থানান্তৰ কৰা উচিত।
৬৪ কোটি টকা ব্যয় সাপেক্ষে গৃহ মন্ত্ৰালয়ে নিৰ্মাণ কৰা ডিটেনচন চেণ্টাৰটোত কমেও ৩০০০ বন্দী থাকিব পাৰিব। উল্লেখ্য যে ২০০৯ চনৰ পৰা অসমৰ বিভিন্ন জিলা কাৰাগাৰৰ ভিতৰত ডিটেনচন চেণ্টাৰ চলাই থকা হৈছে। যোৰহাট, গোৱালপাৰা, কোকৰাঝাৰ, শিলচৰ, ডিব্ৰুগড় আৰু জ্যোতিৰ্পুৰৰ কাৰাগাৰত এনে ছটা কেন্দ্ৰ আছে।
বিগত বৰ্ষৰ অক্টোবৰ মাহত উচ্চ ন্যায়ালয়ে শান্তনু বৰঠাকুৰ, অবন্তী দত্ত আৰু দীপিকা সৰকাৰৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক ছখন জিলা কাৰাগাৰৰ পৰা ডিটেনচন চেণ্টাৰবোৰ স্থানান্তৰ কৰাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল।
ন্যায়াধীশ অচিন্ত মল বুজৰ বৰুৱাই তেতিয়া তেওঁৰ নিৰ্দেশত আঙুলিয়াই দিছিল যে এনে ধৰণৰ প্ৰথা ভীম সিং বনাম ভাৰতীয় সংঘৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ২০১৪ চনৰ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰক গৃ্হ মন্ত্ৰালয়ে জাৰী কৰা পৰৱৰ্তী নিৰ্দেশনাৰ বিপৰীতে যায়।
ন্যায়াধীশ কল্যাণ ৰায় চুৰানাই ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবক ১১ আগষ্টৰ পৰা ৪৫ দিনৰ ম্যাদৰ শেষত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰাজ্যিক মহাধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰা অনুসৰি এই কেন্দ্ৰবোৰত ১৭৭ জন ‘ঘোষিত বিদেশী’ আছে।
আদালতে ৩০ ছেপ্টেম্বৰত বিষয়টো পুনৰ শুনানি গ্ৰহণ কৰিব৷ ইফালে ৰাজ্য চৰকাৰে ১৭ আগষ্টত জাৰি কৰা এক জাননীত কয় যে ইয়াৰ পিছত ডিটেনচন চেণ্টাৰসমূহক ‘ট্ৰেঞ্জিট কেম্প’ বুলি জনা যাব৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ জাননীত এই বিষয়ে উল্লেখ কৰা হৈছে।