ভাৰতবৰ্ষৰ এখন ঐতিহাসিক ৰাজ্য ৰাজস্থান ৷ ৰজা-মহাৰজা সকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন ঐতিহাসিক সমলেৰে সমৃদ্ধ এই ৰাজ্যৰ ৰাজধানী জয়পুৰ যি পিংক চিটি নামেৰে সমগ্ৰ বিশ্বতে জনাজাত ৷ এইখন চহৰৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰতি বছৰেই সমাগম ঘটে দেশী-বিদেশী লক্ষ লক্ষ পৰ্য্যটকৰ ৷
যদি আপুনিও ভাৰতীয় ইতিহাসৰ প্ৰতি আকৰ্ষিত,আপুনিও সেই সময়ত নিৰ্মিত এই ৰাজপ্ৰসাদবোৰ,বৃহৎ বৃহৎ অট্টালিকাবোৰৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিব বিচাৰে তেন্তে জয়পুৰৰ এই ঠাইবোৰলৈ গৈ আপুনি ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে ৷
ৰামবাগ প্ৰাসাদ-
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ । জয়পুৰ আৰু ভাৰতৰ অন্যতম বিলাসী ৰাজপ্ৰসাদ হিচাপে পৰিচিত এই ৰামবাগ প্ৰাসাদ । যি বৰ্তমান সময়ত ভাৰতৰ এখন বিলাসী পেলেচ হোটেললৈ ৰূপান্তৰিত হৈছে। ইয়ালৈ আহিলে ইয়াৰ সৌন্দৰ্য্য দেখি স্তম্ভিত হৈ পৰে পৰ্য্যটকসকল।
লেক পেলেচ-
এই প্ৰাসাদৰ লগতে আপুনি উপভোগ কৰিব পাৰে লেক পেলেচৰ মনোমোহা সৌন্দৰ্য্যও । উদয়পুৰত অৱস্থিত এই বিশাল প্ৰাসাদ নিৰ্মাণ কৰিছিল মেৱাৰ বংশৰ মহাৰাণা জগত সিংহ দ্বিতীয়ই । পিচোলা হ্ৰদত নিৰ্মিত ই হ’ল ৰাজস্থানৰ এক অন্যতম ধুনীয়া প্ৰাসাদ।