ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক দেৱী বুলি গণ্য কৰা হয় ৷ ভাৰতৰ কোনো ঠাইত কন্যা সন্তান জন্ম হ’লে ‘লক্ষ্মী’ জন্ম হোৱা বুলি কোৱা হয় ৷ অৱশ্যে এইবাৰ ভাৰতত নহয় আমেৰিকাত এগৰাকী নাৰীৰ গৰ্ভত লক্ষ্মীৰ ৰূপত জন্ম হ’ল কন্যা সন্তান ৷ মহিলাগৰাকীৰ বর্ণনা অনুসৰি তেওঁ এটি কন্যা সন্তান জন্ম দিয়াৰ পাছতেই তেওঁৰ যেন হঠাৎ ভাগ্য উদয় হয় আৰু হঠাৎ ৮০ লাখ টকাৰ মালিক হয় কন্যা সন্তান গৰাকীৰ মাতৃ ৷ মহিলাগৰাকীয়ে নিজৰ কন্যাক নিজৰ সৌভাগ্য বুলি অভিহিত কৰিছে।
মহিলাগৰাকীয়ে কয় যে তেওঁ ভাবে তেওঁলোকৰ ছোৱালীজনীয়ে তেওঁৰ ভাগ্য সলনি কৰিলে আৰু সেয়ে তেওঁ সন্তানৰ ওচৰত অতিশয় কৃতজ্ঞ। জানিবপৰা মতে এই ২৮ বছৰীয়া মহিলাগৰাকীৰ নাম ব্ৰেণ্ডা, যি আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ বাসিন্দা।ব্ৰেণ্ডাই ৯ নৱেম্বৰৰ পুৱা এটি কন্যা সন্তান জন্ম দিয়ে।কন্যাৰ জন্মৰ দিনাই সন্ধিয়া তেওঁ এটা লটাৰী জিকে আৰু পুৰস্কাৰ হিচাপে লাভ কৰে ৮০ হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৮০ লাখ টকা। কৰ আদি কৰ্তন কৰি ব্ৰেণ্ডাই হাতত প্ৰায় ৫৩ লাখ টকা পালে। ৩০ নৱেম্বৰত এই ধন ব্ৰেণ্ডাৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয়। এতিয়া তেওঁলোকৰ এই কাহিনী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু নেটিজেন সকলেও এই ছোৱালীজনীক লক্ষ্মী বুলি কৈ তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছে ।
এক প্ৰতিবেদন অনুসৰি এই লাটাৰীৰ ধন লাভ কৰাৰ পিছত ব্ৰেণ্ডাই কয় যে ইউ এছ পাৱাৰবল লটাৰী ড্ৰ’ ঘোষণা হোৱাৰ লগে লগে তেওঁ আনন্দত জপিয়াই উঠে। বিষয়াসকলে তেওঁক জনাই যে তেওঁ ৮০ লাখ টকাৰ লটাৰী জিকিছে। এই কথা শুনি তেওঁৰ চকুৰে চকুলো ওলাই আহিল। সেইদিনা ৰাতিপুৱা তেওঁলোকৰ কন্যা সন্তানৰ জন্ম হৈছিল আৰু সন্ধিয়া তেওঁলোকে লটাৰী জিকিছিল আৰু দুগুণ সুখেৰে তেওঁলোকৰ গোটেই পৰিয়ালটো আৰু অধিক সুখী হৈ পৰিছিল ।