যেতিয়াই কোনো ব্যক্তিয়ে দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা কৰে তেতিয়াই তেওঁ বহু আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে।
সকলোৱে বিচাৰে তেওঁৰ যাত্ৰা কোনো ধৰণৰ বাধা-বিঘিনি নোহোৱাকৈ সম্পূৰ্ণ হওঁক। কিছুমান মানুহে তীৰ্থযাত্ৰালৈ যোৱাৰ আগতেও শুভ সময় অনুসৰণ কৰে যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয়। বহুজনে আকৌ যাত্ৰাৰ আগতে গাড়ীৰ আগৰ চকাৰ তলত নেমু থৈ যাত্ৰা আৰম্ভ কৰে ।কিন্তু কিয় এই পৰম্পৰাৰ পালন কৰা হয় ,তাৰ আঁৰত কি যুক্তিযুক্ততা আছে সেয়া হয়তো বহুজনেই বিচাৰ নকৰে ৷
ভাৰতবৰ্ষত তন্ত্ৰ-মন্ত্ৰৰ ক্ষেত্ৰত নেমু বিশেষভাৱে ব্যৱহাৰ কৰা হয়। কুদৃষ্টি দূৰ কৰিবলৈও নেমু ব্যৱহাৰ কৰা হয়। যাত্ৰালৈ যোৱাৰ আগতে নেমুটো বাহনৰ তলত ৰাখি বাহনখন নেমুটোৰ ওপৰেৰে পাৰ কৰি সম্পূৰ্ণৰূপে থেতেলিয়াই পেলোৱা হয়।অৱশ্যে ইয়াৰ আঁৰত কোনো ধৰ্মীয় বা বৈজ্ঞানিক কাৰণ নাই যদিও এটা মানসিক কাৰণ লুকাই আছে। বিশ্বাস কৰা হয় যে বাহনৰ তলত নেমু থৈ যাত্ৰা কৰিলে সকলো ধৰণৰ বাধা আঁতৰি যায় আৰু যাত্ৰাত কোনো সমস্যাৰ সৃষ্টি নহয়।
আমি প্ৰায়ে দেখিবলৈ পাওঁ যে বহু মানুহে নিজৰ দোকান, ঘৰ বা বাহনৰ সন্মুখত নেমু আৰু জলকীয়া ওলোমাই থয়। ৭টা জলকীয়া আৰু এটা নেমু একেলগে বান্ধি কু-দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা হয় । বিশ্বাস আছে যে নেমু-জলকীয়াৰ নেতিবাচক সকলো শোষণ কৰাৰ ক্ষমতা আছে । যেতিয়াই কোনো ব্যক্তিয়ে নেতিবাচক উদ্দেশ্যেৰে প্ৰবেশ কৰিবলৈ আহে তেতিয়াই ই দুৱাৰত ওলমাই থোৱা নেমু আৰু জলকিয়াই সকলো শোষণ কৰি ঘৰ বা দোকানত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে । এই কাৰণেই মানুহে প্ৰায়ে নিজৰ ঘৰ-দোকান বা বাহনৰ সন্মুখত নেমু-জলকীয়া ওলোমাই থয়।
আমি প্ৰায়ে বহুতো তন্ত্ৰ-মন্ত্ৰৰ প্ৰতিকাৰতো নেমু ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ। তাৰে এটা কাৰণ হ’ল লক্ষ্মী দেৱীৰ জ্যেষ্ঠ ভগ্নী অলক্ষ্মীয়ে টেঙা বস্তু ভাল পায়। যদি অলক্ষ্মীৰ বাবে জীৱনত কিবা সমস্যা হয়, তেন্তে ভৱিষ্যতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে নেমুৰ খাদ্য দি শান্ত কৰা হয়।