মকৰ সংক্ৰান্তি নাইবা মাঘ বিহু ,ভোগালী বিহু যি নামেৰেই নামাকৰণ নকৰোঁ কিয় এই সময়ছোৱা সমগ্ৰ ভাৰতবাসীৰ বাবেই যেন আনন্দৰ সময় ৷ দেশৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰা হয় ভিন ভিন নামেৰে ৷
হিন্দু পঞ্জিকা অনুসৰি মকৰ সংক্ৰান্তি উৎসৱ পুহ মাহৰ অন্তিমটো উৎসৱ। এই উৎসৱৰ পিছত শীতকাল শেষ হৈ বসন্ত ঋতুৰ আগমন ঘটে ৷ চলিত বৰ্ষৰ ১৫ জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হ’ব এই মকৰ সংক্ৰান্তি উৎসৱ ৷ এই দিনটোত সূৰ্য্যই ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰিব। মকৰ ৰাশিত প্ৰবেশ কৰাৰ বাবেই ইয়াক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। মকৰ সংক্ৰান্তিৰ দিনা ভাৰতৰ বহু ঠাইত চিলা উৰোৱাৰ পৰম্পৰা আছে।
প্ৰভাত খবৰ নামৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এই দিনটোত ভাৰতীয় সকলে একত্ৰিত হৈ ঘৰৰ ছাঁদ আৰু খেলপথাৰত ৰঙীন চিলা উৰুৱায়। চিলা উৰুৱাৰ এই পৰম্পৰা মকৰ সংক্ৰান্তিৰ লগত জড়িত।আনহাতে এই উৎসৱৰ সৈতে সুস্বাস্থ্যৰ এক ৰহস্য লুকাই আছে বুলিও বিশ্বাস কৰা হয় । আচলতে মকৰ সংক্ৰান্তিৰ সূৰ্যৰ পোহৰে স্বাস্থ্যত প্ৰভাৱ পেলায় । বৈজ্ঞানিকভাৱে এই দিনটোত সূৰ্য্যৰ ৰশ্মিয়ে শৰীৰৰ বাবে অমৃতৰ দৰে হয়, যিয়ে বিভিন্ন ৰোগ নিৰাময়তো সহায় কৰে।
সাধাৰণতে শীতকালত কাঁহ, চৰ্দি আদি সংক্ৰামক ৰোগ সমূহে দেখা দিয়ে। এনে পৰিস্থিতিত মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য্যৰ ৰশ্মিয়ে শৰীৰৰ ঔষধ হিচাপে কাম কৰে। এই কাৰণে মকৰ সংক্ৰান্তিৰ দিনা চিলা উৰুৱাই শৰীৰটোক সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শত ৰখা হয় ।
বিশ্বাস অনুসৰি ত্ৰেতাযুগত মকৰ সংক্ৰান্তিৰ দিনা ভগৱান ৰামে ভাতৃ আৰু হনুমানৰ সৈতে চিলা উৰুৱাইছিল। তেতিয়াৰ পৰাই মকৰ সংক্ৰান্তিৰ দিনা চিলা উৰোৱাৰ পৰম্পৰা আৰম্ভ হৈছে।
এই দিনটোত পূজা আৰু দান-বৰঙণি অতি গুৰুত্বপূৰ্ণ। জ্যোতিষৰ মতে এইবাৰ ৰুহিনী নক্ষত্ৰত আৰম্ভ হৈছে মকৰ সংক্ৰান্তি। এই নক্ষত্ৰক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ ব্ৰহ্মযোগ আৰু আনন্দাদি যোগকো অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।