গ্ৰীষ্মকালত অষ্ট্ৰিয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যই সমগ্ৰ বিশ্ববাসীক আকৰ্ষণ কৰে ৷ বিশেষকৈ ইয়াৰ হ্ৰদ আৰু জলভাগ গ্ৰীষ্মৰ বতৰ অহাৰ লগে লগে সাঁতোৰ আৰু অন্যান্য বিভিন্ন কামৰ বাবে জনপ্ৰিয় স্থান হৈ পৰে।
আনহাতে শীতকালত অষ্ট্ৰিয়াৰ বেছিভাগ হ্ৰদৰ পানী বৰফ হ’বলৈ ধৰে যাৰ ফলত বৰফত স্কেটিং কৰাৰ বাবে এই ঠাইসমূহে পৰ্য্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰে । বৰফ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হ্ৰদসমূহৰ চাৰিওফালে থকা প্ৰাকৃতিক অঞ্চল আৰু পাহাৰবোৰ সকলোৰে বাবে উপভোগ্য ঠাই হৈ পৰে ৷
ছালজবাৰ্গৰ ঠিক ওচৰতে অৱস্থিত এই ১১ কিলোমিটাৰ দীঘল স্বচ্ছ নীলা পানীৰ ‘মণ্ডচি’ নামৰ এই হ্ৰদটো জল ক্ৰীড়াৰ বাবে উপযোগী । মনোমোহা এই হ্ৰদৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰি যেন সেই ঠাইলৈ অহা প্ৰতিজন লোকে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মানসিক চাপৰ পৰা হাত সাৰিব পাৰে। গৰম পানীৰ বাবে পৰিচিত এই হ্ৰদত সাঁতুৰিলে মানুহে মানসিক প্ৰশান্তি লাভ কৰে । ইয়াৰ উপৰিও ই এক জনপ্ৰিয় বিয়াৰ স্থান।
অষ্ট্ৰিয়াৰ অন্যতম বৃহৎ হ্ৰদ আচেনচি যি এটা পাহাৰৰ গুৰিতে ভিত্তি কৰি গঢ় লৈ উঠিছে। আনহাতে ওচৰৰ বেয়াৰনফ (Bärenkopf) পৰ্বতত এক চমৎকাৰী হাইকিং পথ আছে যিয়ে পৰ্য্যটকসলকলক শৃংগটোলৈ লৈ যায়, য’ত তেওঁলোকে হ্ৰদটোৰ পেনোৰামিক দৃশ্য উপভোগ কৰিব পাৰে। সাগৰৰ সৌন্দৰ্য্য আৰু স্বচ্ছতাই অৱশ্যে ইয়াক এক অনন্য আৰু অসাধাৰণ গন্তব্যস্থানলৈ পৰিণত কৰিছে।
১২৫ মিটাৰ গভীৰতাৰ হলষ্টেট হ্ৰদৰ স্চ্ছ পানী সাঁতোৰ, স্কুবা ডাইভিং আৰু নাওঁ চলোৱাৰ বাবে এক আদৰ্শ স্থান । ইয়াত দৰ্শকে কয়াকিং বা কেনুইং কৰাৰ উপৰিও প্ৰাচীন কাঠৰ নাৱত ফেৰী ভ্ৰমণো কৰিব পাৰে । এই ধুনীয়া হ্ৰদটোৰ চাৰিওফালে থকা পাহাৰবোৰত হাইকিং কৰি এই হ্ৰদটোৰ সৰ্বোত্তম দৃশ্য লাভ কৰিবলৈ সক্ষম হয় ইয়ালৈ অহা লোকসকল ।
অষ্ট্ৰিয়াৰ অন্যতম গভীৰ হ্ৰদ ট্ৰাউনচি ডাইভিঙৰ বাবে এক নিখুঁত স্থান ৷ কেৱল সেয়াই নহয়, ইয়াত উইণ্ডচাৰ্ফিঙৰ লগতে পালতোলাৰ বাবেও পৰ্য্যাপ্ত বতাহ আছে। ইয়াৰ উপৰিও হ্ৰদটোৰ চাৰিওফালে থকা পাহাৰবোৰ ট্ৰেকিঙৰ বাবে উপযুক্ত।
শীতকালত আইচ-স্কেটিঙৰ বাবে উপযোগী এই হ্ৰদটোৰ চৌদিশ প্ৰদূষণ মুক্ত ।আনহাতে ইয়াত উপলব্ধ নিৰাপদ বৈদ্যুতিক নাও ৷ ইয়াৰ উপৰিও অসংখ্য পাহাৰীয়া নৈয়ে এই হ্ৰদটোৰ সৌন্দৰ্য্যৰ সোণত সুৱগা চৰাইছে । চুবুৰীয়া চহৰ জেল আম ছিৰ নামেৰে এই হ্ৰদটোৰ নাম দিয়া হৈছে, য’ত ১৬ শতিকাৰ এটা বৃহৎ দুৰ্গ আৰু এটা প্ৰকাণ্ড গীৰ্জা আছে।
এই হ্ৰদৰ পানীত ননমাকৈয়ে ৪৯ ফুট দ এই হ্ৰদটোৰ স্বচ্ছ পানীৰে হ্ৰদটোৰ তলিলৈকে দেখা পায় ৷ প্লেনচিৰ পানী ইমানেই পৰিষ্কাৰ যে এইয়াও সম্ভৱ। ভ্ৰমণ বিলাসী লোকসকলৰ বাবে প্লেনচি চাবলগীয়া ঠাই! এই হ্ৰদটোও যথেষ্ট বিশাল, অষ্ট্ৰিয়াৰ টাইৰল অঞ্চলত অৱস্থিত এই হ্ৰদ এটা খালৰ জৰিয়তে আন এটা হ্ৰদ হেইটাৰৱাঙ (Heiterwang) ৰ সৈতে সংযুক্ত, যি নৌকা বিহাৰৰ বাবে এক বিখ্যাত স্থান।