উত্তৰ লক্ষীমপুৰ জিলাৰ চৰাই মৰিয়াৰ লামো গাওঁৰ নিবাসী জগত শইকীয়াৰ ৩৫ বছৰীয়া পুত্ৰ বিপিন শইকীয়া যোৱা পোন্ধৰ দিন ধৰি হায়দৰাবাদৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে । দুটি কন্যা সন্তানৰ পিতৃ বিপিন শইকীয়া যোৱা ১২ মাৰ্চত কৰ্ম সূত্ৰে হায়দৰাবাদলৈ গৈছিল। হায়দৰাবাদলৈ গৈয়ে যোৱা পোন্ধৰ দিনে নিৰুদ্দেশ হৈ আছে বিপিন শইকীয়া। নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে বগীনদী আৰক্ষী থানাত গোচৰ দিয়ে যদিও আজিলৈকে কোনো খবৰ পোৱা নাই বিপিন শইকীয়াৰ।
কোনো লোকে কিবা শুং সূত্ৰ পালে ‘৯৯৫৪৩৫৬০৮২’ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তেওঁৰ পৰিয়ালৰ বৰ্গই।