আজি ঔপন্যাসিকা অনিতা দেশাইৰ ওপজা দিন । ১৯৩৭ চনৰ আজিৰ দিনটোতে সেই সময়ৰ গাৰোৱাল ৰাজ্যৰ (বৰ্তমানৰ উত্তৰাখণ্ড) মুচৌৰীত তেওঁৰ জন্ম হৈছিল । তেওঁ মাচাছুচেট ইনষ্টিটিউট অব টেকন’লজীৰ হিউমেনিটী বিষয়ৰ অধ্যাপিকা আছিল । ১৯৭৮ চনত তেওঁ ফায়াৰ অন দ্য মাউণ্টেইন নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । তেওঁ তিনিবাৰকৈ সন্মানীয় বুকাৰ প্ৰাইজৰ বাবেও মনোনীত হৈছিল । দ্য ভিলেজ বাই দ্য ছী নামৰ শিশু-উপন্যাসখনৰ বাবে তেওঁ ব্ৰিটিছ গাৰ্ডিয়ান পুৰস্কাৰো লাভ কৰে । এইগৰাকী ঔপন্যাসিকাক জনালোঁ ওপজা দিনৰ ওলগ ।