আজি নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী নাট্যকাৰ, নাট পৰিচালক, অভিনেতা তথা নাট সমালোচক । তদুপৰি তেওঁ আছিল এগৰাকী সাংবাদিক তথা নাট্যতত্ত্বৰ গৱেষক । তেওঁ প্ৰায় কুৰিখন মৌলিক নাটক, শিশু উপযোগী সাহিত্য, অনুবাদ নাটক আদিৰে অসমীয়া সাহিত্যৰ ভঁড়াললৈ অৱদান আগবঢ়াই থৈ গৈছে । তেওঁ এগৰাকী পুথি প্ৰকাশকো আছিল । মাতৃৰ স্মৃতিত পদ্ম প্ৰকাশন নামেৰে এটা প্ৰকাশন প্ৰতিষ্ঠান খুলি কেইবাখনো বহুমূলীয়া গ্ৰন্থ প্ৰকাশ কৰে । ১৯৪৮ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰে । ১৯৬৫ চনত তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত যুটীয়া সঞ্চালক হিচাপে যোগদান কৰি ১৯৭০ চনত সঞ্চালক পদলৈ উন্নীত হয় । ১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে যোগদান কৰি ১৯৭৪ চনত অৱসৰ লয় । তেওঁ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল । গুৱাহাটীৰ ‘সুন্দৰ সেৱী সংঘ’ৰ জৰিয়তে তেওঁ মহিলাক নাট্যাভিনয়ত জড়িত কৰোৱাত আগভাগ লৈছিল । তেওঁ দৈনিক অসম, আজিৰ অসম, প্ৰকাশ, দৈনিক জনমভূমি আদি কাকত-আলোচনীত সাংস্কৃতিক সাংবাদিকতা কৰাৰ উপৰি দ্য আছাম ট্ৰিবিউন কাকতৰ চাইক্ল’ৰামা নামৰ শিতানত নিয়মীয়াকৈ নাট সমালোচনা লিখিছিল । তেওঁ লিখা ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটখন আছিল অল ইণ্ডিয়া ৰেডিঅ’ (বৰ্তমানৰ আকাশবাণী গুৱাহাটী) যোগে প্ৰচাৰিত (৬ জুলাই, ১৯৪৮) প্ৰথমখন অসমীয়া অনাতাঁৰ নাটক । ১৯৮৬ চনত তেওঁ সংগীত নাটক অকাডেমি বঁটা লাভ কৰে । ১৯৯৩ চনত অসম চৰকাৰে তেওঁক শংকৰদেৱ বঁটা প্ৰদান কৰে । ২০০১ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী নাট্যতাত্ত্বিকলৈ আমাৰ প্ৰণাম ।