আজি বলীউড সংগীতৰ ৰজা হিচাপে খ্যাত ৰাহুল দেৱ বৰ্মণৰ ওপজা দিন । ১৯৩৯ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল বলীউডৰ বিশিষ্ট সংগীত পৰিচালক শচীন দেৱ বৰ্মণৰ একমাত্ৰ পুত্ৰ । বলীউডত তেওঁ ‘পঞ্চম দা’ নামেৰে জনপ্ৰিয় । ১৯৬০ৰ পৰা ১৯৯০ৰ দশকৰ সময়ছোৱাত তেওঁ প্ৰায় ৩৩১খন চলচ্চিত্ৰৰ সংগীত দিছিল । তেওঁৰ দ্বাৰা সুৰাৰোপিত গীতত লতা মংগেশকাৰ, কিশোৰ কুমাৰ, আশা ভোশলে আদি আগশাৰীৰ কণ্ঠশিল্পীসকলে কণ্ঠদান কৰিছিল । তেওঁৰ গীতৰ সুৰত অভিনৱত্ব আছিল বাবে তেওঁক সংগীত বিজ্ঞানী বুলিও কোৱা হয় । তেওঁ তিনিবাৰ ফিল্ম ফেয়াৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল । ১৯৮৩ চনত চনম তেৰী কচম, ১৯৮৪ চনত মাচুম আৰু ১৯৯৫ চনত ১৯৪২ : এ লাভ ষ্টোৰী চলচ্চিত্ৰৰ সংগীতৰ বাবে তেওঁ এই সন্মান লাভ কৰে । এইগৰাকী সংগীতজ্ঞলৈ আমাৰ প্ৰণাম ।