আজি ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ বাংলা কবি, নাট্যকাৰ তথা প্ৰহসন ৰচোঁতা মাইকেল মধুসূদন দত্তৰ স্মৃতি দিৱস । তেওঁ আছিল বাংলা সাহিত্যৰ নৱজাগৰণৰ অন্যতম পুৰোধা । তেওঁ যৌৱন কালতে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰি পোনতে ইংৰাজীত সাহিত্য ৰচনা কৰিবলৈ লয় যদিও পিছলৈ মাতৃভাষাতে মনোনিৱেশ কৰে । তেওঁ আছিল বাংলা সাহিত্যত ছনেট আৰু অমিত্ৰাক্ষৰ ছন্দৰ প্ৰৱৰ্তক । অমিত্ৰাক্ষৰ ছন্দত লিখা মেঘনাদ বধ কাব্য তেওঁ সৰ্বশ্ৰেষ্ঠ কীৰ্তি । তেওঁ ৰচনা কৰা ‘শৰ্মিষ্ঠা’ নামৰ নাটকখনেই বাংলা ভাষাৰ প্ৰথমখন মৌলিক নাটক । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।