আজি প্ৰখ্যাত দাৰ্শনিক ৰুছ’ৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল জঁ-জাক ৰুছ’ । তেওঁ আছিল এগৰাকী দাৰ্শনিক, লেখক তথা সুৰকাৰ । তেওঁ ১৮ শতিকাৰ আধুনিক দৰ্শন কালৰ প্ৰথমছোৱাৰ দাৰ্শনিক । তেওঁৰ ৰাজনৈতিক দৰ্শনে ইউৰোপলৈ এক নতুন ধাৰা বোৱাই আনিছিল আৰু ফৰাছী বিপ্লৱৰো প্ৰেক্ষাপট নিৰ্মাণ কৰিছিল । ১৭৭৮ চনৰ আজিৰ দিনটোতে এইগৰাকী দাৰ্শনিকৰ দেহাৱসান ঘটে । মহান দাৰ্শনিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি হোমিঅ’পেথিক চিকিৎসা পদ্ধতিৰ জনক চেমুৱেল হেনিমেনৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল খ্ৰীষ্টিয়ান ফিড্ৰিখ চেমুৱেল হেনিমেন । তেওঁ আছিল এগৰাকী জাৰ্মান চিকিৎসা বিশাৰদ । তেওঁ ইংৰাজী, ফৰাছী, ইটালীয়ান, গ্ৰীক আৰু লেটিন ভাষাত পাৰ্গত আছিল আৰু এগৰাকী অনুবাদক তথা ভাষা শিক্ষক হিচাপেও খ্যাতি অৰ্জন কৰিছিল । ১৮৪০ চনৰ আজিৰ দিনটোতে পেৰিচত তেওঁৰ দেহাৱসান ঘটিছিল । এইগৰাকী চিকিৎসা বিশাৰদলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত ঔপন্যাসিক, চুটিগল্পকাৰ আৰ্নেষ্ট হেমিংৱেৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সাংবাদিক তথা খেলুৱৈও আছিল । ১৬ বছৰ বয়সৰ পৰাই তেওঁ গল্প লিখিবলৈ লয় । ১৯২৩ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ থ্ৰী ষ্টোৰীজ এণ্ড টেন পোৱেমছ প্ৰকাশ পায় । সেইসময়ত তেওঁ গল্প লিখি আলোচনীবোৰলৈ পঠিয়ালেও তেওঁৰ গল্পবোৰ প্ৰকাশ পোৱা নাছিল । কিন্তু পৰৱৰ্তী সময়ত ১৯৫২ চনত তেঁৱেই দ্য ওল্ড মেন এণ্ড দ্য ছী লিখি বিশ্বজোৰা খ্যাতি অৰ্জন কৰে । ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰে । তেওঁৰ জীৱনকালত মুঠ দহখন উপন্যাস আৰু ১৯খন চুটিগল্পৰ সংকলন প্ৰকাশ পায় । কিন্তু দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা হেমিংৱেই ১৯৬১ চনৰ আজিৰ দিনটোতে গুলীয়াই আত্মহত্যা কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।