আজি গণশিল্পী মঘাই ওজাৰ ওপজা দিন তথা স্মৃতি দিৱস । আজিৰ দিনটোতে ১৯১৬ চনত মঘাই ওজাৰ জন্ম হৈছিল আৰু ১৯৭৮ চনৰ একেটা দিনতে মৃত্যও হৈছিল । ঢোলৰ যাদুকৰ ৰূপে খ্যাত মঘাই বৰুৱা বা মঘাই ওজাই ঢোল বাদনেৰেই জগত জিনিছিল । তেওঁ ভাৰতীয় গণ নাট্য সংঘৰ সৈতেও জড়িত আছিল । তেওঁ পিয়লি ফুকন, ৰঙা পুলিচ, প্ৰতিধ্বনি (অসমীয়া), তৃষ্ণা (হিন্দী) আৰু মাহুত বন্ধুৰে (বাংলা) চলচ্চিত্ৰৰ উপৰি ভালেমান মঞ্চ নাট আৰু অনাতাঁৰ নাটতো অংশগ্ৰহণ কৰিছিল । এইগৰাকী মহান শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ স্মৃতি দিৱস । লক্ষীৰাম বৰুৱা এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক আছিল । তেওঁ আছিল অসমীয়া আধুনিক সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া । জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগীতৰ ভেটি গঢ়োতা আছিল তেওঁ । গ্ৰামোফোন ৰেকৰ্ডত গীত গোৱাৰ বৰ হেপাহ আছিল যদিও সেয়া পূৰণ নহ’ল । পিছত তেওঁৰ পুত্ৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গ্ৰামোফোন ৰেকৰ্ডত গীত গোৱা প্ৰথমগৰাকী শিল্পীৰ স্বীকৃতি পায় । লক্ষীৰাম বৰুৱাই বাণ ৰংগমঞ্চৰ সংগীতৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯০৯ চনত তেওঁৰ সংগীত বিষয়ক প্ৰথমখন পুথি ‘সংগীত কোষ’ প্ৰকাশ পায় । সংগীত সাধনা আৰু শিক্ষা সহচৰ তেওঁৰ আন দুখন পুথি । এইগৰাকী বিশিষ্ট শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ইতিহাসবিদ ছাৰ এডৱাৰ্ড গেইটৰ স্মৃতি দিৱস । ইংৰাজৰ আমোলত ভাৰতৰ এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত গেইট আছিল অসম বুৰঞ্জীৰ এগৰাকী প্ৰসিদ্ধ গৱেষক । তেওঁৰ গ্ৰন্থ A History of Assam গ্ৰন্থই উত্তৰ পূব ভাৰতৰ বুৰঞ্জী অধ্যয়নত আধুনিক পদ্ধতিৰ সূচনা কৰে বুলি কোৱা হয় । এইখনেই আছিল অঞ্চলটোৰ প্ৰথমখন পূৰ্ণাংগ বুৰঞ্জী । ভাৰতীয় লোক তথা সমাজৰ প্ৰতি এইগৰাকী ব্ৰিটিছ প্ৰশাসকৰ ধ্যান-ধাৰণা ইতিবাচক আছিল বাবে মহাত্মা গান্ধীয়েও তেওঁৰ প্ৰশংসা কৰিছিল । এইগৰাকী বুৰঞ্জীবিদলৈ আমাৰ প্ৰণাম ।