আজি বিশিষ্ট নৃত্যশিল্পী তথা নৃত্য পৰিচালক যতীন গোস্বামীৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে দেৰগাঁৱৰ আধাৰ সত্ৰত তেওঁৰ জন্ম হৈছিল । তেওঁ অন্যতম ভাৰতীয় শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যৰ এগৰাকী সাধক । সত্ৰীয়া নৃত্যৰ উপৰি তেওঁ কথক আৰু মণিপুৰী নৃত্যতো পাৰদৰ্শী । তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ এগৰাকী প্ৰাক্তন সদস্য । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ কৰা কৰ্মৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁ সন্মানীয় সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ২০১৯ চনত তেওঁ ২০১৮ চনৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ বা সদস্য ৰত্ন সন্মান লাভ কৰে । মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া । ২০০৭ চনত অসম সত্ৰ মহাসভাই তেওঁক নৃত্য শিৰোমণি উপাধি প্ৰদান কৰে । বৰ্তমানলৈ তেওঁ ৰচনা কৰা পাঁচখন গ্ৰন্থ হ’ল মাটি আখৰা, নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা, ঝুমুৰা নাচ – নাদু ভংগী, নৃত্য শিক্ষা আৰু নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয় । শিল্পীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনিৰ আৰ্হি প্ৰস্তুত কৰোঁতা পিংগলি ভেংকায়াৰ ওপজা দিন । ১৮৭৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ (বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ) ভাল্টাপেনুমাৰুত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু মহাত্মা গান্ধীৰ অনুৰাগী আছিল । স্বাধীনতাৰ পূৰ্বে দেশৰ স্বাধীনতা সংগ্ৰামীসকলে বিভিন্ন ধৰণৰ পতাকা ব্যৱহাৰ কৰিছিল । পিংগলি ভেংকায়াই তিনিবৰণীয়া পতাকা এখনৰ আৰ্হি প্ৰস্তুত কৰি ১৯২১ চনৰ ১ এপ্ৰিলত মহাত্মা গান্ধীৰ হাতত তুলি দিছিল । ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সেই আৰ্হিটোকে অলপ ইফাল-সিফাল কৰি স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয় । তেওঁৰ স্মৃতিতে ডাক বিভাগে ২০০৯ চনত এটা ডাক টিকটৰ প্ৰচলন কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।