আজি বিশিষ্ট কথাশিল্পী নিৰুপমা বৰগোহাঞিৰ ওপজা দিন । তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিক হিচাপে খ্যাত । প্ৰসিদ্ধ কথাশিল্পী তথা সাংবাদিক সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিৰ সৈতে বিয়াৰ পূৰ্বে তেওঁ নিৰুপমা তামুলী নামেৰে লিখা-মেলা কৰিছিল । ‘ৰামধেনু’ আলোচনীত প্ৰকাশিত তেওঁৰ ‘এনথ্ৰ’প’লজিৰ সপোন’ নামৰ গল্পটোৱে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । ১৯৯৬ চনত প্ৰকাশিত আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত ‘অভিযাত্ৰী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০৩ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । সাংবাদিক হিচাপেও তেওঁ ১৯৬৮ চনৰ পৰা ‘নীলাচল’ কাকতৰ সহকাৰী সম্পাদক আৰু পৰৱৰ্তী সময়ত সাপ্তাহিক ‘জনজীৱন’ আৰু ‘সাঁচিপাত’ কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে । যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সংস্থাৰ (বৰ্তমানৰ লেখিকা সংস্থা, অসম) উদ্যোগত প্ৰদান কৰা প্ৰবীণা শইকীয়া বঁটাও (২০০০) তেওঁ লাভ কৰে । সেই নদী নীৰৱধি, এজন বুঢ়া মানুহ, হৃদয় এটা নিৰ্জন দ্বীপ, কেকটাছৰ ফুল আদি তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত অন্যতম । এইগৰাকী সাহিত্যিকক জনালোঁ ওপজা দিনৰ ওলগ ।
আজি ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন মহাকাশচাৰী কল্পনা চাওলাৰ ওপজা দিন । ১৯৬২ চনৰ আজিৰ দিনটোতে হাৰিয়ানাৰ কৰ্ণালত তেওঁৰ জন্ম হৈছিল । পিছত ১৯৯১ চনত তেওঁ মাৰ্কিন নাগৰিকত্ব গ্ৰহণ কৰে । ১৯৮৮ চনত মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ত কৰ্মজীৱনৰ আৰম্ভণি কৰে । ১৯৮৬ চনৰ ১৯ নৱেম্বৰত তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ হয় ।এই কৃতিত্বৰ অধিকাৰী তেৱেঁই আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা । কিন্তু ২০০০ চনত মাৰ্কিন মহাকাশযান ‘কলম্বিয়া’ দুৰ্ঘটনাত পতিত হোৱাত তাত থকা যি সাতগৰাকী মহাকাশচাৰীৰ মৃত্যু ঘটিছিল তাৰ ভিতৰত কল্পনা চাওলাও আছিল । প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰা এইগৰাকী মহাকাশচাৰীক আমাৰ প্ৰণাম ।