আজি জনপ্ৰিয় কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ওপজা দিন । অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, লোকগীত, বিহুগীতৰ উপৰি চলচ্চিত্ৰৰ গীততো তেওঁ কণ্ঠদান কৰিছিল । ১৯৪৯ চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰা অৰ্চনা মহন্ত আকাশবাণীৰ স্বীকৃত কণ্ঠশিল্পী আছিল । তেওঁ অপেছাদাৰী মঞ্চত অভিনয়ো কৰিছিল । তেওঁ আছিল ‘বিহুগীতৰ সম্ৰাট’ বুলি খ্যাত খগেন মহন্তৰ পত্নী আৰু নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পী পাপনৰ মাতৃ । হোমৰ জুই জ্বলিছে, শালিকী অ’ অবুজন চৰাইজনী, অ’ ফুলপাহ হালিছ জালিছ আদি তেওঁৰ একক কণ্ঠৰ কেইটামান জনপ্ৰিয় গীত । খগেন মহন্তৰ সৈতেও তেওঁৰ দ্বৈতকণ্ঠৰ কেইবাটাও গীত অতি জনপ্ৰিয় । অসম চৰকাৰে অৰ্চনা মহন্তক ‘শিল্পী বঁটা’ৰে সন্মানিত কৰিছিল । এইগৰাকী কণ্ঠশিল্পীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰংমনৰ ওপজা দিন । পঢ়ুৱৈৰ মাজত তেওঁ ৰংমন ছদ্মনামেৰেহে জনাজাত যদিও তেওঁৰ আচল নাম আছিল ৰবীন দে । ১৯২২ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ নাজিৰাত জন্ম লাভ কৰা ৰংমনৰ অমৰ কীৰ্তি ‘দস্যু ভাস্কৰ’ শৃংখলাৰ ৰহস্য উপন্যাসসমূহ আজিও অতি জনপ্ৰিয় । তেওঁৰ ‘দস্যু ভাস্কৰ’ শৃংখলাটো ৬১খন উপন্যাসৰ সমষ্টি আছিল । ‘দস্যু ভাস্কৰৰ আবিৰ্ভাৱ’ আছিল এই শৃংখলাটোৰ প্ৰথমখন উপন্যাস । তেওঁ ‘পৱন ছিৰিজ’ নামৰ আন এটা শৃংখলাও লিখিছিল । এসময়ৰ জনপ্ৰিয় আৰু অধুনালুপ্ত ‘ছোভিয়েট দেশ’ আলোচনীৰ সৈতে কৰ্মসূত্ৰে জড়িত ৰংমনে লিখা প্ৰথমখন ৰহস্য উপন্যাস আছিল ‘কুঁৱলীৰ আঁৰে আঁৰে’ । ‘নিপাতৰ পাত’ তেওঁৰ সামাজিক উপন্যাস । ডাকু, পৱন কোঁৱৰ আৰু পৰ্বতৰ ৰিঙনি আছিল তেওঁৰ শিশু-উপন্যাস । এইগৰাকী ৰহস্য সাহিত্যিকলৈ আমাৰ প্ৰণাম ।