আজি স্বাধীনতা যুদ্ধৰ অমৰ শ্বহীদ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ স্মৃতি দিৱস । ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পিছত নিজৰ দেশখনক ব্ৰিটিছৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকে আন কেইগৰাকীমান লোকৰ সহযোগত ১৮৩০ চনৰ ২৫ মাৰ্চ তাৰিখে ৰংপুৰত থকা ব্ৰিটিছৰ খাৰঘৰত জুই দি প্ৰতিবাদ সাব্যস্ত কৰে । ব্ৰিটিছৰ বিচাৰত তেওঁলোক দুয়োৰে ফাঁচী আৰু বাকীসকলৰ কাৰাবাসৰ হুকুম হয় । সেই মৰ্মে ১৮৩০ চনৰ আজিৰ দিনটোতে দুয়োকে শিৱসাগৰৰ পুখুৰীৰ পাৰত ফাঁচী দিয়া হয় । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে ১৮৫৭ চনত ফাঁচী হোৱা মংগল পাণ্ডেকহে জনা যায় যদিও আচলতে এই দুগৰাকী মহান সংগ্ৰামীয়েহে সেই স্বীকৃতি পোৱা উচিত । দুয়োগৰাকী শ্বহীদলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা তথা পৰিচালক আব্দুল মজিদৰ স্মৃতি দিৱস । তেওঁ ১৯৫৮ চনত নিপ বৰুৱাৰ ৰঙা পুলিচ চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰে । তেওঁ দূৰদৰ্শনৰ ধাবাহিকতো অভিনয় কৰিছিল । তেওঁ বনসংস, বনজুই, পোনাকণ আদি ছখন চলচ্চিত্ৰ পৰিচালনা কৰে । তেওঁ পৰিচালনা কৰা চামেলি মেমচাব চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে । ২০১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেতা, পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তৰ ওপজা দিন । ১৯৪১ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ খাৰুপেটীয়াত তেওঁৰ জন্ম হয় । অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ লিখা এখন নাটকত এগৰাকী অভিনেতাই অসুস্থতাৰ বাবে অভিনয় কৰিবলৈ অপাৰগ হোৱাত তেঁৱেই নাটকখনৰ নায়কৰ চৰিত্ৰটোত অভিনয় কৰিবলগীয়া হয় । সেয়াই আৰম্ভণি । ইতিমধ্যে তেওঁ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ আদি চলচ্চিত্ৰত অভিনয় কৰিছে । ভ্ৰাম্যমাণ থিয়েটাৰৰো বিভিন্ন নাটকত তেওঁ অভিনয় কৰে । কহিনুৰ থিয়েটাৰৰ মঞ্চত টাইটানিক নাটকৰ কেপ্টেইনৰ চৰিত্ৰত কৰা অভিনয় আজিও সকলোৰে মনত আছে । তেওঁ এশৰো অধিক নাটক ৰচনা কৰে । তেওঁ এগৰাকী জনপ্ৰিয় গীতিকাৰো । পাঁচ শতাধিক গীত তেওঁ ৰচনা কৰিছে । তেওঁ ৰচনা কৰা মই যি বাটেৰে ওলালোঁ আজি, তুমি আহিছিলা চেনাই, এই আকাশ বৰ বিশাল আদি জনপ্ৰিয় গীত । তেওঁ আকাশবাণীৰ স্বীকৃত গীতিকাৰ হোৱাৰ উপৰি নতুন আশা, সাদৰী, বহাগৰ দুপৰীয়া, জীৱন সুৰভি আদি চলচ্চিত্ৰৰ বাবেও গীত লিখিছিল । তেওঁক জনালোঁ ওপজা দিনৰ ওলগ ।