আজি দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ওপজা দিন । ১৮৯৭ চনৰ আজিৰ দিনটোতে বিশ্বনাথৰ ভীৰ গাঁৱত তেওঁৰ জন্ম হৈছিল । যোৱাটো শতিকাৰ প্ৰথমভাগৰ অসমীয়া সাহিত্যৰ এক আধুনিক আৰু সংস্কাৰকামী মনোভাবৰ দৃঢ় কণ্ঠস্বৰ আছিল তেওঁ । দেশৰ স্বাধীনতা সংগ্ৰামতো তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰিছিল । অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰি ১৯২১ চনৰ ডিচেম্বৰ মাহত তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল । তেওঁৰ সাহিত্য কৰ্মতো ফুটি উঠিছিল এক আধুনিক সংস্কাৰকামী দৃষ্টিভংগী । তেওঁ ৰচনা কৰা বিখ্যাত ছিৰাজ গল্পটোৰ আধাৰত ইতিমধ্যে একাধিক চলচ্চিত্ৰ নিৰ্মাণ আৰু নাটক মঞ্চস্থ হৈছে । বিদ্ৰোহিনী, পৰাজয়, বিধৱাৰ ল’ৰা আদি তেওঁৰ বিখ্যাত গল্প । ‘ব্যৰ্থতাৰ দান’ তেওঁৰ প্ৰকাশিত গল্প সংকলন । ‘নিৰ্মলা’ তেওঁৰ পূৰ্ণাংগ নাট । তদুপৰি সতী জয়মতী, প্ৰজাপতিৰ ভুল, কবিৰ জীৱন আদি চুটি নাট । তেওঁৰ আত্মজীৱনীখনৰ নাম ‘জীৱন স্মৃতি’ । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি সুসাহিত্যিক সৌজন্যময়ী ভট্টাচাৰ্যৰ ওপজা দিন । ১৯২২ চনৰ আজিৰ দিনটোতে যোৰহাটৰ হাতীগড় চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । ১৯৪২ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘জীৱনৰ চাৰিসুঁতি’ প্ৰকাশ পাইছিল । তেওঁৰ শিশু-গ্ৰন্থ ‘মৌজোল’ প্ৰকাশ পাইছিল ১৯৪৫ চনত ।অপত্য, জলস্তম্ভ আদি তেওঁৰ উপন্যাস । শিশু-উপন্যাস বন্ধু, যাদুকৰী বুঢ়ীৰ হাতত বলিৰাম । সুগন্ধি মলয়া তেওঁৰ ভ্ৰমণ কাহিনী । তেঁৱেই প্ৰথম মহিলা নাটক ‘পৰিৱৰ্তন’ লিখি মঞ্চস্থ কৰাইছিল । লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প ‘সেউতী’ৰ একে নামৰ নাট্যৰূপ আৰু পৰিৱৰ্তন নাট দুখন আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত হৈছিল । ভাষা আন্দোলন, খাদ্য আন্দোলন, তেল শোধনাগাৰ আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন আদিতো তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰিছিল । ২০১১ চনত অসম লেখিকা সংস্থাই (বৰ্তমানৰ লেখিকা সংস্থা, অসম) তেওঁক আদৰ্শ মাতৃ বঁটা প্ৰদান কৰিছিল । এইগৰাকী মহিয়সীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গল্পকাৰ ৰমা দাশৰ ওপজা দিন । ১৯০৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল আৱাহন যুগৰ এগৰাকী আগশাৰীৰ গল্পকাৰ । আৱাহনৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পাইছিল তেওঁৰ আপদীয়া ৰাতি নামৰ এটা গল্প । বৰ্ষা যেতিয়া নামে তেওঁৰ এটা বিখ্যাত প্ৰেমৰ গল্প । জাহ্নৱী, অচল টকা আদি তেওঁৰ গল্প সংকলন । গল্পকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।