VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰবীণ ৰাজনীতিবিদ মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্য, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ, উত্তৰপ্ৰদেশত তিনিদিনীয়া ৰাজ্যিক শোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 10, 2022
in মুখ্য সংবাদ
প্ৰবীণ ৰাজনীতিবিদ মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্য, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ, উত্তৰপ্ৰদেশত তিনিদিনীয়া ৰাজ্যিক শোক
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ তিনিবাৰৰ  মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ আজি পুৱা দেহাৱসান ঘটে ৷ দিল্লীৰ মেদান্ত হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত  তেওঁৰ বয়স আছিল ৮২ বছৰ । প্ৰয়াত মুলায়ম সিঙৰ পুত্ৰ অখিলেশ যাদৱে টুইটযোগে এই কথা সদৰী কৰে ৷ বিগত কেইবাদিনো ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা সিঙক  গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত জীৱন ৰক্ষাকাৰী ঔষধ প্ৰদান কৰি চিকিৎসা অব্যাহত ৰখা হৈছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  প্ৰবীন ৰাজনীতিবিদ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয় – “মুলায়ম সিং যাদৱৰ মৃত্যুত মই দুখ অনুভৱ কৰিছো ৷  বিনম্ৰী ৰাজনৈতিক নেতা হিচাপে  তেওঁ বহুলভাৱে প্ৰশংসিত হৈছিল।” উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিতানাথে গভীৰ দুখ অনুভৱ কৰা বুলি উল্লেখ কৰি ৰাজ্যত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে।

উল্লেখ্য যে  তেওঁ কিছুদিন ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল ৷  ২০১৭ চনৰ পৰা তেওঁৰ পুত্ৰ অখিলেশে দলটোৰ নেতৃত্ব প্ৰদান কৰি আহিছে ৷ সমাজবাদী পাৰ্টিৰ বাবে মুলায়ম সিং যাদৱ আছিল  “নেতা-জী”  ৷ উত্তৰ প্ৰদেশৰ অন্যতম শীৰ্ষ ৰাজনীতিবিদ মুলায়ম সিং ১৯৯৬-৯৮ চনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীও আছিল।

১৯৩৯ চনৰ ২২ নৱেম্বৰত জন্মগ্ৰহণ কৰা মুলায়ম সিং যাদৱে প্ৰথমে ১৯৬৭ চনত বিধায়ক হৈছিল।বিধায়ক হিচাপে দ্বিতীয় কাৰ্যকালত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু বহু বিৰোধী নেতাৰ দৰে মুলায়ম সিঙো জেললৈ গৈছিল।

১০ বাৰ বিধায়ক আৰু ৭ বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মুলায়ম সিং যাদৱ । প্ৰাক্তন মল্লযুঁজাৰু মুলায়ম সিং যাদৱ  এজন চতুৰ ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল ৷

দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত তেওঁ একাধিক দলৰ সৈতে জড়িত আছিল  ৷ তেওঁৰ গুৰু ৰাম মনোহৰ লোহিয়াৰ সংযুক্ত সমাজবাদী পাৰ্টি, চৰণ সিঙৰ ভাৰতীয় ক্ৰান্তি দল, ভাৰতীয় লোকদল আৰু সমাজবাদী জনতা পাৰ্টিৰ সৈতে তেওঁ জড়িত আছিল । ১৯৯২ চনত তেওঁ সমাজবাদী পাৰ্টী প্ৰতিষ্ঠা কৰিছিল।১৯৯৬ চনত বিৰোধী দলসমূহে কংগ্ৰেছৰ বিকল্প হিচাপে  অবিজেপি চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰাৰ সময়ত মুলায়ম সিং যাদৱ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে চর্চিত হৈছিল ৷

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

পুনৰ ইউক্ৰেইনৰ ৰাজধানী কিভত বাজি উঠিছে যুদ্ধৰ ছাইৰেন, সোবাৰে পুৱাই তিনিটা বোমা বিস্ফোৰণ

Related Posts

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন
মুখ্য সংবাদ

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

December 8, 2023
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
মুখ্য সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

December 8, 2023
Next Post
পুনৰ ইউক্ৰেইনৰ ৰাজধানী কিভত বাজি উঠিছে  যুদ্ধৰ ছাইৰেন, সোবাৰে পুৱাই তিনিটা বোমা বিস্ফোৰণ

পুনৰ ইউক্ৰেইনৰ ৰাজধানী কিভত বাজি উঠিছে যুদ্ধৰ ছাইৰেন, সোবাৰে পুৱাই তিনিটা বোমা বিস্ফোৰণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7