আজি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক তিলক হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ প্ৰায় ছয় দশক ধৰি সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল । তেওঁ নগাঁৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । পিছলৈ ১৯৫১ চনত ‘নতুন অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰি সংবাদ জগতখনত পদাৰ্পণ কৰে । তাৰ পিছত অসম বাণী, সাদিন, অসমীয়া প্ৰতিদিন আদি কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ আড্ডা (হাস্যৰসাত্মক) আৰু কত কথা, মহাশ্বেতা দেৱীৰ স্ব-নিৰ্বাচিত গল্প (অনুবাদ) আদি গ্ৰন্থ লিখিছিল । আবেলিৰ ছাঁ তেওঁৰ আত্মকথা । তেওঁ এগৰাকী প্ৰসিদ্ধ অনুবাদকো আছিল । ‘ফণীশ্বৰ নাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনী’ৰ বাবে ১৯৯৬ চনত তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে । ২০০১ চনত অসম সাহিত্য সভাই তেওঁক লক্ষ্মীনাথ ফুকন সাংবাদিকতাৰ বঁটা প্ৰদান কৰে । ২০১৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।