আজি বিশিষ্ট সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ ওপজা দিন । ১৯১১ চনৰ আজিৰ দিনটোতে জাঁজীত তেওঁৰ জন্ম হৈছিল । কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯৫০ চনত তেওঁ কটন কলেজত গ্ৰন্থাগাৰিক হিচাপে যোগদান কৰে । তাৰপিছত ১৯৫৪ চনত গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগদান কৰি ১৯৭১ চনত অৱসৰ গ্ৰহণ কৰে । কাম সেন্দূৰ তেওঁৰ কবিতা পুথি । অন্যান্য পুথিসমূহৰ ভিতৰত পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, সাহিত্য বিদ্যা পৰিক্ৰমা আদি উল্লেখযোগ্য । তেওঁ কামধেনু নামৰ আলোচনী এখনো সম্পাদনা কৰিছিল । ১৯৮৬ চনত তেওঁ বেণুধৰ শৰ্মা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৭১ চনত মাকুমত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অসমীয়া সাহিত্যৰ নীৰৱ সাধক সীতানাথ ব্ৰহ্মচৌধুৰীৰ স্মৃতি দিৱস । ১৯৩৬ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ সামাজিক কামত ব্ৰতী হৈ পৰে । তেওঁৰ প্ৰচেষ্টাতে বীৰঝৰা হাই স্কুল, বঙাইগাঁও কলেজ, বিজনী বিদ্যাপীঠ আদি স্থাপন হৈছিল । ১৯৪৬ চনত তেওঁ ধুবুৰী লোকেল বোৰ্ডৰ উপ-সভাপতি নিৰ্বাচিত হয় । ১৯৫২ চনত তেওঁ গোৱালপাৰাৰ গাৰোপাহাৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় । তেওঁৰ প্ৰকাশিত কবিতাপুথিসমূহৰ ভিতৰত কদমকলি, চকুলো, আৱেগ আদি অন্যতম । ১৯৮১ চনত তেওঁ তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । ১৯৮২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধাই আলিত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী আগশাৰীৰ কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ তথা অনুবাদক । তেওঁ গড়গাঁও মহাবিদ্যালয়ত অস্থায়ী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছত শিৱসাগৰ মহাবিদ্যালয়ত যোগদান কৰি তাৰ পৰা ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । কুকুহা, সাগৰিকা, বৰ্ণালী, বনবাসী আদি তেওঁৰ প্ৰকাশিত পুথি । তেওঁ ঈশান দত্ত, অনামিকা বৰুৱা, কুম্ভকৰ্ণ, অনিমেষ বৰুৱা আদি ছদ্মনামেৰেও লিখা-মেলা কৰিছিল । তেওঁৰ ৰজনীগন্ধা নামৰ উপন্যাসখনৰ আধাৰত ১৯৭৩ চনত ৰশ্মিৰেখা নামৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মান হৈছিল । অসম সাহিত্য সভাৰ ২০১২-১৩ বৰ্ষৰ বৰপেটা অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০১০ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ২০২১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । বৰেণ্য সাহিত্যিকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।