VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টি এন ছেছানৰ দৰে মুখ্য নির্বাচনী আয়ুক্ত এবাৰহে পাও, বাস্তৱ পৰিস্থিতি উদ্বেগজনকঃ নির্বাচনী আয়োগক লৈ কি কি মন্তব্য উচ্চতম ন্যায়ালয়ৰ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 23, 2022
in আইন
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

দেশৰ  নির্বাচনী আয়োগত ব্যাপক সংশোধনৰ পক্ষত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সংবিধানে মুখ্য নিৰ্বাচন আয়ুক্তৰ “কান্ধ”ত বিপুল ক্ষমতা প্ৰদান কৰিছে আৰু এই পদত “শক্তিশালী কোনোবা ব্যক্তিক” নিযুক্তি দিয়াটো গুৰুত্বপূৰ্ণ বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

মঙলবাৰে আদালতে কয়  যে বাস্তৱ পৰিস্থিতি উদ্বেগজনক আৰু ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈকে নির্বাচন আয়োগত মুৰব্বী হিচাপে গুৰুত্বপূৰ্ণ নিৰ্বাচনী সংস্কাৰ অনাৰ বাবে  প্ৰয়াত টি এন ছেছানৰ দৰে ব্যক্তিৰ প্ৰয়োজন ৷

ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে নিৰ্বাচনী আয়ুক্ত নিযুক্তি ব্যৱস্থাৰ সংস্কাৰ বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে কয় ৷

ন্যায়াধীশ অজয় ​​ৰাস্তোগী, অনিৰুদ্ধ বসু, হৃষিকেশ ৰায় আৰু চি টি ৰবিকুমাৰেৰে গঠিত বিচাৰপীঠখনে কয় যে তেওঁলোকে এনে ব্যৱস্থা স্থাপনক কৰিবলৈ প্ৰচেষ্টা কৰিব ৷

ন্যায়ালয়ে কয় “বহু  ব্যক্তি মুখ্য নির্বাচনী আয়ুক্ত  হৈছে আৰু টি এন ছেছানৰ দৰে ব্যক্তি এবাৰহে পাও । আমি নিবিচাৰো তেওঁক কোনেও অপসাৰণ কৰক ৷  তিনিজন ব্যক্তি (মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত)ৰ  কান্ধত বিশাল ক্ষমতা নিহিত কৰা হৈছে। আমি  মুখ্য নির্বাচনী আয়ুক্ত পদৰ বাবে শ্ৰেষ্ঠ জনক বিচাৰিব লাগিব।” কেন্দ্ৰৰ  হৈ উপস্থিত থকা এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণে কয় যে  শক্তিশালী ব্যক্তি এজনক  মুখ্য নির্বাচনী বিষয়া হিচাপে নিযুক্তি দিবলৈ উপযুক্ত ব্যৱস্থা আছে ৷

চৰকাৰৰ অধিবক্তাই কয় যে চৰকাৰে শ্ৰেষ্ঠ ব্যক্তি নিযুক্তিৰ বিৰোধিতা নকৰে ৷ কিন্তু প্ৰশ্ন হয় যে কেনেকৈ তেনে ব্যক্তি বাচনি  কৰিব পাৰি। সংবিধানত কোনো সুৰুঙা নাই ৷ বৰ্তমান মন্ত্ৰী পৰিষদৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে।

বিচাৰপীঠখনে কয় যে ১৯৯০ চনৰ পৰা বিজেপিৰ প্ৰবীণ নেতা  এল কে আদৱানীকে ধৰি কেইবাটাও দল-সংগঠনে নিৰ্বাচন আয়োগকে ধৰি সাংবিধানিক সংস্থাসমূহত নিযুক্তিৰ বাবে কলেজিয়ামৰ দৰে ব্যৱস্থাৰ আহ্বান জনাইছে।

বিচাৰপীঠখনে কয় “গণতন্ত্ৰ সংবিধানৰ এটা মৌলিক গাঁথনি। তাৰ ওপৰত কোনো বিতৰ্ক নাই। আমিও সংসদক কিবা এটা কৰিবলৈ ক’ব নোৱাৰো আৰু আমি তেনেকুৱা নকৰো। আমি মাত্ৰ ১৯৯০ চনৰ পৰা উত্থাপন হোৱা বিষয়টোৰ ওপৰত কিবা এটা কৰিব বিচাৰো। বাস্তৱ পৰিস্থিতি উদ্বেগজনক। আমি জানো যে শাসকীয় দলে আমাক বৰ্তমানৰ ব্যৱস্থা অতিক্ৰম কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব ৷ “

আদালতে আঙুলিয়াই দিয়ে যে ২০০৪ চনৰ পৰা কোনো মুখ্য নির্বাচনী আয়ুক্তই  ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা নাই। ইউ পি এৰ দহ বছৰীয়া শাসনকালত ছজন মুখ্য নির্বাচনী আয়ুক্ত আছিল ৷  এন ডি এৰ আঠ বছৰত ৮ জনক দায়িত্ব দিয়া হৈছে ৷”

কেন্দ্ৰই মুখ্য নির্বাচনী আয়ুক্ত  আৰু নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে কলেজিয়ামৰ দৰে ব্যৱস্থা বিচাৰি দাখিল কৰা আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

দিল্লীত পুনৰ লোমহর্ষক হত্যাকাণ্ড, এইবাৰ ড্ৰাগছ আসক্তই হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নী-আইতাকক

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
দিল্লীত পুনৰ লোমহর্ষক হত্যাকাণ্ড, এইবাৰ ড্ৰাগছ আসক্তই হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নী-আইতাকক

দিল্লীত পুনৰ লোমহর্ষক হত্যাকাণ্ড, এইবাৰ ড্ৰাগছ আসক্তই হত্যা কৰিলে পিতৃ-মাতৃ-ভগ্নী-আইতাকক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7