আজি স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী পুষ্পলতা দাসৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে উত্তৰ লক্ষীমপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ অসম শাখা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি ন্যাস তথা খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰ অধ্যক্ষা আছিল । তেওঁ ৰাজ্য সভাৰ সাংসদ আৰু অসম বিধানসভাৰো সদস্যা আছিল । তেওঁ আছিল লোকনায়ক অমিয় কুমাৰ দাসৰ পত্নী । ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে । এইগৰাকী বিশিষ্ট নেত্ৰীলৈ আমাৰ প্ৰণাম ।
আজি নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, অভিনেতা তথা কবি অৰুণ শৰ্মাৰ স্মৃতি দিৱস । পেছাত তেওঁ অনাতাঁৰ কেন্দ্ৰৰ বিষয়া আছিল । তেওঁ লিখা নাটসমূহৰ ভিতৰত নিবাৰণ ভট্টাচাৰ্য আৰু কুকুৰনেচীয়া মানুহ অধিক জনপ্ৰিয় । আশীৰ্বাদৰ ৰং উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল । তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল । তেওঁ উৰুখা পঁজা নাটক আৰু সন্ধ্যাৰাগ চলচ্চিত্ৰত অভিনয়ো কৰিছিল । তেওঁ ৰচিত ককাইদেউ আছিল পথত ৰূপায়ণ কৰা প্ৰথমখন বাটৰ নাট । ২০১৭ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত তেওঁৰ মৃত্যু হয় । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।