আজি বিশিষ্ট সাহিত্যিক তথা বুৰঞ্জীবিদ ডঃ লীলা গগৈৰ ওপজা দিন । ১৯৩০ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ চেৰেকাপাৰ হাতীমূৰীয়া গাঁৱত তেওঁৰ জন্ম হৈছিল । আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ হাইস্কুলৰ দেওনা পাৰ হৈয়ে শিৱসাগৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । সমান্তৰালভাৱে তেওঁ পঢ়া-শুনাও চলাই গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । কৰ্মক্ষেত্ৰত তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, আকাশবাণী গুৱাহাটীত কাৰ্যনিৰ্বাহ কৰাৰ পিছত গড়গাঁও কলেজ, শিৱসাগৰ কলেজৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । ইতিহাস অধ্যয়নত তেওঁ সৰুৰে পৰাই আগ্ৰহী আছিল । আহোম জাতি আৰু অসমীয়া সংস্কৃতি, টাই সংস্কৃতিৰ ৰূপৰেখা, বিহু : এটি সমীক্ষা আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । তদুপৰি কপলিং ছিগা ৰেল, বিয়েৰিং চিঠি, বৃকোদৰ বৰুৱাৰ বিয়া আদি তেওঁৰ ৰম্য ৰচনা । সোণতৰা, অনুপম কোঁৱৰৰ সাধু, লাচিত বৰফুকন আদি শিশু-পুথি । নৈ বৈ যায় তেওঁৰ এখন জনপ্ৰিয় উপন্যাস । ১৯৯৪ চনত মৰিগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাৰ উপৰি সীমান্তৰ মাটি আৰু মানুহ নামৰ গ্ৰন্থখনৰ বাবে ইউনেস্ক’ৰ পৰাও পুৰস্কৃত হয় । বিশিষ্ট সাহিত্যিক তথা বুৰঞ্জীবিদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি তিৱা ভাষা-সংস্কৃতিৰ একান্ত সাধক বিদ্যা পাতৰ মিথিৰ স্মৃতি দিৱস । তেওঁ তিৱা আৰু অসমীয়া ভাষাত অনেক গীত আৰু নাটক ৰচনা কৰিছিল । তিৱা ভাষা চৰ্চা কেন্দ্ৰ স্থাপন কৰি তেওঁ তিৱা ভাষাৰ জ্ঞান বিলোৱাৰ প্ৰয়াস কৰিছিল । তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত তিৱা ভাষাৰ ব্যাকৰণ অন্যতম । ২০১৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাধকগৰাকীলৈ আমাৰ প্ৰণাম ।