আজি সাহিত্যিক, ব্যাকৰণবিদ সত্যনাথ বৰাৰ স্মৃতি দিৱস । কলিকতাত আইনৰ শিক্ষা গ্ৰহণ কৰি আহি তেওঁ গুৱাহাটীত ওকালতি কৰিবলৈ লয় । গুৱাহাটীত ওকালতি আৰম্ভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল তেওঁ । তেওঁ গুৱাহাটী আৰ্ল ল কলেজ আৰু কটন কলেজতো অধ্যাপনা (অসমীয়া বিষয়ত) কৰিছিল । জোনাকী আলোচনীৰ যোগেদি তেওঁ সাহিত্য চৰ্চা কৰিছিল । তেওঁ আছাম এছোচিয়েচনৰ সৈতেও জড়িত আছিল । তেওঁ কামৰূপ অনুসন্ধান সমিতিৰো সদস্য আছিল । ১৯১৯ চনত তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হৈছিল । ১৮৮২ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ গীতাৱলী প্ৰকাশ পায় । তাৰ পিছত সাহিত্য বিচাৰ, আকাশ ৰহস্য, বহল ব্যাকৰণ, চিন্তাকলি আদি গ্ৰন্থ প্ৰকাশ পায় । সাৰথি তেওঁৰ অন্যতম সাহিত্যকৃতি । জোনাকী আলোচনীৰ প্ৰকাশ কলিকতাৰ পৰা বন্ধ হোৱাত পুনৰ গুৱাহাটীৰ পৰা তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল । ১৯২৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।