আজি সাহিত্যিক, বুৰঞ্জীবিদ তথা প্ৰত্নতাত্ত্বিক কনকলাল বৰুৱাৰ ওপজা দিন । ১৮৭২ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । ১৮৯৪ চনত বি এল ডিগ্ৰী লৈ গুৱাহাটীত ওকালতি আৰম্ভ কৰা কনকলাল বৰুৱাই ১৯২৯ চনত ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচিত হয় আৰু স্বায়ত্ত শাসন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰে । তেওঁ কেইবাবছৰ ধৰি কামৰূপ অনুসন্ধান সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল আৰু ১৯৩৩ চনত তেওঁৰ প্ৰচেষ্টাতে সমিতিৰ মুখপত্ৰ জাৰ্ণেল অব আছাম ৰিছাৰ্চ ছোচাইটী প্ৰকাশ পায় । কিছুকাল তেওঁ জোনাকী আলোচনীৰো সম্পাদক আছিল । ১৯২৪ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । আৰ্লি হিষ্ট্ৰী অব কামৰূপ, আৰ্লি হিষ্ট্ৰী অব আছাম তেওঁৰ বিশেষ কৃতি । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে কবি, অনুবাদক, ইতিহাসবিদ আৰু প্ৰশাসক । তেওঁ জোনাকী যুগৰ অন্যতম সাহিত্যিক আছিল । তেওঁ ভাঙনি কোঁৱৰ নামেৰে খ্যাত । তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সক্ৰিয় সদস্য আছিল । তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতি আছিল । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ তেওঁ আৰক্ষী বিভাগত যোগদান কৰি ১৯৩০ চনত আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । ১৯০৬ চনত তেওঁ ৰচনা কৰে পুলিচ মেনুৱেল ।জিলিঙনি তেওঁৰ কবিতা পুথি । এন একাউণ্ট অব আছাম, গোৱালপাৰাৰ পুৰণি বিৱৰণ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ । ১৯৩৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৩৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।