VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 29, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ অন্যতম কাণ্ডাৰী ৰতন লহকৰৰ স্মৃতি দিৱস । অভিনয়ৰ প্ৰতি তীব্ৰ ধাউতি থকা ৰতন লহকৰে ন বছৰ বয়সতে অভিনয় কৰিছিল । ১৯৬৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ চাকৰিৰ প্ৰতি মন নেমেলি নাটকৰ জগতখনত সোমাই পৰে । ৰূপাঞ্জলি শিল্পী সমাজ গঢ় দি নাট্য চৰ্চা কৰাৰ পিছত তেওঁ নটৰাজ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনত ভৰি দিয়ে । অভিনেতা, নাট পৰিচালক, প্ৰযোজক হিচাপে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে । ১৯৭৬ চনত তেওঁ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘কহিনুৰ থিয়েটাৰ’ৰ জন্ম দিয়ে । কহিনুৰৰ মঞ্চতে তেজীমলা, টাৰ্জান, ক্লিঅ’পেট্ৰা, ক্ৰাইম এণ্ড পানিছমেণ্ট, আনাৰকলি, বিষ্ণুপ্ৰসাদ, অসীমত যাৰ হেৰাল সীমা, টাইটানিক আদিৰ দৰে নাটক উপহাৰ দি এগৰাকী সফল প্ৰযোজক হিচাপে স্বীকৃতি লাভ কৰিছে ।২০১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এই বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট স্তম্ভ লেখক, নাট্যকাৰ, চলচ্চিত্ৰ সমালোচক, সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ ওপজা দিন । ১৯৪০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ হয়বৰগাঁৱত তেওঁৰ জন্ম হৈছিল । নগাঁও কলেজত পঢ়ি থকা দিনতে তেওঁ কেইবাখনো একাংকিকা আৰু পূৰ্ণাংগ নাট পৰিচালনা কৰাৰ লগতে তাত অভিনয়ো কৰিছিল । তেওঁ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো লাভ কৰিছিল । তেওঁ আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ বিজ্ঞাপন ব্যৱস্থাপক পদত যোগদান কৰি তাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । ১৯৬০ চনত তেওঁ ভূপেন হাজৰিকা সম্পাদিত আমাৰ প্ৰতিনিধিৰ সহযোগী সম্পাদক হয় । আলোচনীখনত তেওঁৰ ব্যংগাত্মক স্তম্ভ লেখা ধনঞ্জয়ৰ ডায়েৰী অতি জনপ্ৰিয় হৈছিল । তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চলচ্চিত্ৰ তথা সাংস্কৃতিক আলোচনী ৰূপকাৰৰ প্ৰকাশ আৰু সম্পাদনা কৰিছিল । তেওঁ ঐক্যতান নামৰ এটা অপেছাদাৰী নাট্য দলো গঠন কৰিছিল । তেওঁ ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সৈতে জড়িত আছিল । কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে তেওঁ নাটক লিখিছিল । বিভিন্ন কাকত আলোচনীত চলচ্চিত্ৰ সমালোচনা লিখিছিল । মৰা মানুহ বচাবৰ উপায়, ৰসালাপ, ব্যাকুল কামনা আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । বিশিষ্ট ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

"ৰণদিয়া প্ৰয়াস"ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7