আজি আধুনিক অসমীয়া সংগীত জগতৰ এটি ভোটাতৰা ৰুদ্ৰ বৰুৱাৰ স্মৃতি দিৱস। লুইতৰ পাৰৰ কথা আৰু সুৰক উজ্জীৱিত কৰি তোলা বাবে তেওঁক লুইত কোঁৱৰ বুলি কোৱা হয়। কলংপৰীয়া গীতিকাৰ বুলিও তেওঁ জনাজাত। তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু অভিনেতা। ১৯৫১ চনত তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজৰ পৰা স্নাতক ডিগ্ৰী আহৰণ কৰে । শ্বিলঙত থকা সময়ছোৱাত তেওঁ প্ৰাচীন কামৰূপ নাট্য সংঘ, শ্বিলং কলা পৰিষদ আদিৰ সৈতে জড়িত হৈ নিজৰ সংগীতৰ সাধনাক আগুৱাই নিছিল। তেওঁ অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল। কেশৱ মহন্ত ৰচিত জনপ্ৰিয় ‘কলৰে পাততে কাউৰী পৰে’ গীতটিৰ সুৰকাৰ আছিল তেওঁ। তেওঁ বনকোঁৱৰ আনন্দিৰাম দাসৰ বনগীতসমূহক পৰিশীলিত কৰিছিল। কল্লোল চলচ্চিত্ৰখনৰ তেওঁ সংগীত পৰিচালক আছিল। বিভিন্ন শিল্পীৰ কণ্ঠত প্ৰাণ পোৱা পকা ধানৰ মাজে মাজে, অ’ তুলতুল অ’ বুলবুল, হয়েৰা জেতুকী বাই, বন্ধু সময় পালে আমাৰ ফালে, জোনধনে জোনালীতে, বৰষুণৰ বতৰত আদি তেওঁৰ জনপ্ৰিয় গীত । ১৯৮০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম।