আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ স্মৃতি দিৱস। তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱক তথা সাহিত্যিক । তেওঁ ১৮৯৬ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৮৯৯ চনত ৰিপন কলেজত পৰা বি এল ডিগ্ৰী লাভ কৰে । ১৯০৮ চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। পিছত ১৯১৮ চনত গুৱাহাটীলৈ আহে। ১৯১৫ চনত তেওঁ আছাম এচোছিয়েশ্যনৰ ডিব্ৰুগড় অধিবেশনৰ সভাপতি হৈছিল। ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক নিযুক্ত হয়। স্বাধীনতা আন্দোলনত যোগদান কৰি তেওঁ তিনিবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ গুৱাহাটী লোকেল বোৰ্ডৰো অধ্যক্ষ হৈছিল। তেওঁ কটন কলেজ আৰু আৰ্ল ল কলেজ স্থাপনৰ হকে সজোৰে মাত মাতিছিল। তেওঁ সাহিত্য চৰ্চাও কৰিছিল। গৃহলক্ষ্মী আৰু কৃষ্ণলীলা তেওঁৰ দুখন মৌলিক নাটক। ১৯৩৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতি দিৱস। অসমত আধুনিক চিত্ৰশিল্পৰ বাটকটীয়া আছিল তেওঁ। মুম্বাইৰ জে জে কলেজ অব আৰ্টছৰ পৰা তেওঁ চিত্ৰকলাৰ শিক্ষা লৈছিল। প্ৰতীক্ষা, সমস্যা, লিটল বুদ্ধ, কেকটাছ ফ্লাৱাৰ আদি তেওঁৰ বিখ্যাত চিত্ৰকৰ্ম । দিল্লীৰ ললিত কলা একাডেমী, কলকাতাৰ একাডেমী অব ফাইন আৰ্টচ, গুৱাহাটী আৰ্ট গেলাৰী আদিত তেওঁৰ চিত্ৰকৰ্ম প্ৰদৰ্শিত হয়। ২০০০ চনত তেওঁ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০০২ চনত তেওঁৰ দেহাৱসান ঘটে। শিল্পীগৰাকী লৈ আমাৰ প্ৰণাম ।