আজি বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন । একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, শিশু-সাহিত্যিক, চলচ্চিত্ৰ তথা নাট পৰিচালক ডঃ শইকীয়াই অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিপুল বৰঙণি আগবঢ়াই থৈ গৈছে । প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি বিভিন্ন ছদ্মনামেৰেও সাহিত্য চৰ্চা কৰা ডঃ শইকীয়া আছিল প্ৰান্তিক আৰু সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক । অন্তৰীপ, ৰম্যভূমি আদি উপন্যাস, প্ৰহৰী, সেন্দূৰ, শৃংখল আদি গল্প সংকলন, নীলকণ্ঠ, দীনবন্ধু, বৰ্ণমালা, স্বৰ্ণজয়ন্তী, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট আদি নাটক, অগ্নিস্নান, সন্ধ্যাৰাগ আদি চলচ্চিত্ৰ, মৰমৰ দেউতা, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি শিশু-সাহিত্যৰ স্ৰষ্টা ভবেন শইকীয়াই সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদিৰ উপৰি পদ্মশ্ৰী সন্মান আৰু চলচ্চিত্ৰৰ বাবে ৰজতকমল বঁটাৰে সন্মানিত হৈছিল । এইগৰাকী পুৰোধা ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কবি তথা সমালোচক হীৰেন্দ্ৰনাথ দত্তৰ স্মৃতি দিৱস । মানুহ অনুকূলে নামৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত দত্তৰ নিৰ্বাচিত সমালোচনা এখন উল্লেখযোগ্য গ্ৰন্থ ।এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।