আজি ভাৰতীয় চলচ্চিত্ৰৰ জনক দাদা চাহেব ফাল্কেৰ ওপজা দিন । ১৮৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বম্বেৰ ত্ৰ্যম্বকেশ্বৰত তেওঁৰ জন্ম হৈছিল । তেওঁৰ প্ৰকৃত নাম আছিল ধুণ্ডীৰাজ গোৱিন্দ ফাল্কে । ১৯১৩ চনত তেওঁ নিৰ্মাণ কৰা ‘ৰাজা হৰিশ্চন্দ্ৰ’ আছিল ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ ।
তেওঁ আছিল একাধাৰে চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য ৰচোঁতা । তেওঁৰ স্মৃতিতে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটাটো প্ৰদান কৰা হয় । এইগৰাকী পথপ্ৰদৰ্শকলৈ আমাৰ প্ৰণাম ।