আজি বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ অসমীয়া অনুবাদ সাহিত্য, ব্যংগ সাহিত্য, শিশু-সাহিত্য আৰু নাট্য সাহিত্যলৈও প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে । ১৯৪৬ চনত তেওঁ ‘দৈনিক অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ আৰম্ভণি কৰে । ১৯৪৮ চনত কাকতখন বন্ধ হোৱাত ‘নতুন অসমীয়া’ কাকতত সহকাৰী সম্পাদক হিচাপে যোগদান কৰে । তেওঁ কিছুদিন ‘ৰামধেনু’ আলোচনীখনো সম্পাদনা কৰিছিল । আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰত সহকাৰী বাৰ্তা সম্পাদকৰ দায়িত্বও পালন কৰিছিল । তেওঁ আছিল ‘দৈনিক অসম’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক । তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল এৰাবিয়ান নাইটছৰ অসমীয়া অনুবাদ ‘এহেজাৰ এনিশাৰ সাধু’, ‘ফুটুকাৰ ফেন’, ‘অসমীয়া সাংবাদিকতা, অসম আৰু নেতৃত্ব’ আদি । ১৯৯৭ চনত তেওঁ অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৮৯ চনত লাভ কৰে অসম চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটা । ২০০২ চনৰ আজিৰ দিনটোতে এইগৰাকী বিশিষ্ট সাংবাদিকৰ পৰলোকপ্ৰাপ্তি ঘটে । তেওঁলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি বিশিষ্ট গল্পকাৰ তথা চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ ওপজা দিন । তেওঁ অসমীয়া আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ । এই ধাৰাটোৰ প্ৰৱৰ্তক আছিল সৌৰভ কুমাৰ চলিহা । দ্য আছাম ট্ৰিবিউন কাকতত ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা অপূৰ্ব শৰ্মাই নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । তাৰ পিছত দ্য ছেণ্টিনেল কাকত গোষ্ঠীৰ দৈনিক অসমীয়া বাতৰি কাকত ‘আজিৰ অসম’ৰ সম্পাদক পদত দহ বছৰকাল কাৰ্যনিৰ্বাহ কৰে । ২০০০ চনত তেওঁ ‘বাঘে টাপুৰ ৰাতি’ নামৰ গল্প সকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০০২ চনত অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ সমালোচনামূলক গ্ৰন্থখনৰ বাবে তেওঁ চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা স্বৰ্ণকমল লাভ কৰে । ১০১৫ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । শুভবাৰ্তা, নাগৰিক, শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ, শীতৰ বতাহ আৰু বৰষুণ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । এইগৰাকী বিশিষ্ট সাহিত্যিক তথা সাংবাদিকলৈ ওপজা দিনৰ ওলগ জনালোঁ ।