আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামীৰ ওপজা দিন । ১৮৮৭ চনৰ আজিৰ দিনটোতে নলবাৰীৰ নাৰায়ণপুৰ সত্ৰত (বৰ্তমানৰ নলবাৰী সত্ৰ) তেওঁৰ জন্ম হৈছিল । অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা ললিত চন্দ্ৰ গোস্বামী তেওঁৰ পিতৃ আছিল । ১৯১১ চনত ঢাকা ট্ৰেইনিং কলেজৰ পৰা বিটি পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা গোস্বামী যোৰহাট নৰ্মাল স্কুলৰ অধীক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেতিয়াৰ অসম উপত্যকাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পদত নিয়োজিত হয় । তেওঁ জনশিক্ষাৰ বিশেষ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো সাহিত্য চৰ্চা কৰিছিল । তেওঁ নাটক, কবিতা, গীত, শিশু-সাহিত্য আদি লিখি খ্যাতি অৰ্জন কৰিছিল । তেওঁ কণিকা কবিতা নামৰ বিশেষ ধৰণৰ কবিতা লিখিছিল । তেওঁ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । ১৯২০ চনৰ পৰা ১৯২৭ চনলৈ তেওঁ অসম সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত আছিল । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, সমালোচক তথা সাংবাদিক । তেওঁ ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিল । ১৯৭৮ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । তদুপৰি তেওঁ অসম উপত্যকা বঁটা আৰু অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰে । হালধীয়া চৰায়ে বাওধান খায়, সুবালা, মৎস্যগন্ধা, সাউদৰ পুতেকে নাও মেলি যায়, আত্মানুসন্ধান আদি তেওঁৰ অতি জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম । তেওঁ বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল । তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ, নিয়মীয়া বাৰ্তা আদিৰ সম্পাদক আছিল । ২০২১ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।