আজি বিশিষ্ট সাহিত্যিক দণ্ডিনাথ কলিতাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যংগ সাহিত্যিক । তেওঁ পাঁচশৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেওঁ এলানি পাঠ্যপুথিও ৰচনা কৰিছিল । তেওঁৰ এখন বিখ্যাত উপন্যাস ‘সাধনা’ । ১৯২৮ চনত অসম সাহিত্য সভাই পতা উপন্যাস প্ৰতিযোগিতাত এই উপন্যাসখনে প্ৰথম স্থান লাভ কৰিছিল । ১৯৫৫ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সুখদেৱ থাপাৰৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ লুধিয়ানাত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ ভগৎ সিঙৰ সৈতে লগ লাগি বিপ্লৱী দলৰ কাম-কাজ কৰে । কুখ্যাত ছাইমন কমিছনৰ বিৰোধিতা কৰিবলৈ গৈ লালা লাজপট ৰায় মৃত্যু মুখত পৰাৰ প্ৰতিশোধৰূপে ছেণ্ডাৰ্ছক হত্যা কৰা বিপ্লৱীসকলৰ মাজত সুখদেৱো আছিল । সেইবাবে ব্ৰিটিছ চৰকাৰে শিৱৰাম ৰাজগুৰু আৰু ভগৎ সিঙৰ লগতে সুখদেৱকো ১৯৩১ চনৰ ২৩ মাৰ্চত ফাঁচি দিয়ে । এইগৰাকী বিপ্লৱীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সমাজ সেৱিকা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতি দিৱস । অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ ইলোৰা ৰায়চৌধুৰী আছিল মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা । এইক্ষেত্ৰত তেওঁ অসমত এক নতুন আন্দোলনৰ সূচনা কৰিছিল । ২০০৩ চনৰ আজিৰ দিনটোতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীত(২০০৪) তেওঁৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম হয় আৰু তেতিয়াৰে পৰাই মৰণোত্তৰভাৱে অংগদানৰ উপৰি অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ হকে কাম কৰি আহিছে সংগঠনটোৱে । এইগৰাকী সমাজসেৱিকালৈ আমাৰ প্ৰণাম