আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি । শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মাধৱদেৱে ১৪৮৯ চনৰ এই তিথিতে লক্ষীমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰিছিল । তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয় । অনেক বৰগীতৰ উপৰি নামঘোষা আৰু ভক্তি ৰত্নাৱলী তেওঁৰ অনুপম সৃষ্টি । আজিৰ এই পবিত্ৰ তিথিত গুৰুজনালৈ প্ৰণাম ।
আজি বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস । অসমীয়া সংবাদ জগতলৈ তেওঁ নতুনত্ব কঢ়িয়াই আনিছিল । অসমত মানৱাধিকাৰ আন্দোলনৰ সূচনা কৰোঁতাসকলৰ ভিতৰত অন্যতম আছিল তেওঁ । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক নেতা আছিল । গুৱাহাটী ষ্টক এক্সেঞ্জতো তেওঁ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৯৬ চনৰ আজিৰ দিনটোতে তেওঁক গুৱাহাটীত আততাতীয়ে গুলীয়াই হত্যা কৰে । এইগৰাকী সাংবাদিক তথা মানৱাধিকাৰ নেতালৈ আমাৰ প্ৰণাম ।