আজি বিশ্ববিশ্ৰুত ঔপন্যাসিক তথা নাট্যকাৰ বালজাকৰ ওপজা দিন । ১৭৯৯ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ তুৰত তেওঁৰ জন্ম হৈছিল । ধাৰাবাহিকতা বজাই ৰাখি তেওঁ প্ৰায় এশখন উপন্যাস ৰচনা কৰিছিল, যিবোৰক তেওঁৰ শ্ৰেষ্ঠ কীৰ্তি বুলি কোৱা হয় । ইউৰোপীয় সাহিত্যত তেওঁক বাস্তৱতাবাদৰ অন্যতম প্ৰৱৰ্তক বুলি কোৱা হয় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত দাৰ্শনিক তথা ৰাজনৈতিক অৰ্থনীতিবিদ জন ষ্টুৱাৰ্ট মিলৰ ওপজা দিন । ১৮০৬ চনৰ আজিৰ দিনটোতে তেওঁ ইংলেণ্ডৰ পেণ্টনভিলত জন্ম গ্ৰহণ কৰে । তেওঁক ঊনবিংশ শতিকাৰ সৱাতোকৈ প্ৰভাৱশালী দাৰ্শনিক বুলি কোৱা হয় । মিলৰ স্বাধীনতা বিষয়ক মতবাদটিত অসীম ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ বিপক্ষে ব্যক্তিৰ স্বাধীন সত্ত্বাক অগ্ৰাধিকাৰৰ ওপৰত জোৰ দিয়া হৈছিল । তেওঁ ইংলেণ্ডত নাৰীৰ ভোটাধিকাৰৰ বাবে মাত মতা দ্বিতীয়গৰাকী ব্যক্তি আছিল । তেওঁ নাৰীৰ অধিকাৰৰ সপক্ষেও লিখিছিল । এইক্ষেত্ৰত দ্য ছাবজেকচন অব উইমেন আছিল তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।