আজি সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰনাথ লেখাৰুৰ স্মৃতি দিৱস । ছাত্ৰাৱস্থাৰে পৰাই তেওঁ মিলন, চেতনা, আৱাহন আদি আলোচনীত প্ৰবন্ধ-পাতি লিখিছিল । অসমীয়া ৰামায়ণী সাহিত্য, আদৰ্শ ৰচনাৱলী, Concept of Siva according to Shree Sankardev, Religion in Assam throughout the ages আদি গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্য জগতখনক চহকী কৰি থৈ গৈছে । ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ কিছুকাল জনশিক্ষা নামৰ আলোচনীখনৰো সম্পাদক আছিল । ডঃ ইন্দিৰা গোস্বামীয়ে (মামণি ৰয়ছম গোস্বামী) তেওঁৰ অধীনতে ৰামায়ণী সাহিত্যৰ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৭১ চনৰ আজিৰ দিনটোতে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক তথা শিক্ষাবিদ ডঃ লক্ষ্মীনন্দন বৰাৰ স্মৃতি দিৱস । ৰামধেনু যুগৰ গল্পকাৰ বৰাই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে । ১৯৮৮ চনত পাতাল ভৈৰৱী নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । কায়াকল্প, যাকেৰি নাহিকে উপাম, সেহি গুণনিধি আদি তেওঁৰ জনপ্ৰিয় উপন্যাস । তেওঁৰ গঙা চিলনীৰ পাখি নামৰ উপন্যাসখনৰ আধাৰত একে নামেৰে এখন অসমীয়া চলচ্চিত্ৰও নিৰ্মাণ হৈছিল । ১৯৯৬ চনত তেওঁ অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিত্ব কৰিছিল । তেওঁ পদ্মশ্ৰী আৰু সৰস্বতী সন্মানৰ উপৰি অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল । তেওঁ গৰীয়সী আলোচনীৰো সম্পাদক আছিল । কাল বলুকাত খোজ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ । ২০২১ বৰ্ষৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি প্ৰখ্যাত কবি তথা নাট্যকাৰ নাজিম হিকমতৰ স্মৃতি দিৱস । তেওঁ আছিল তুৰস্কৰ এগৰাকী স্বাধীনতা সংগ্ৰামী । নিপীড়িতজনৰ মুক্তিৰ চেতনা প্ৰৱাহিত তেওঁৰ ৰচনাত । তেওঁ এগৰাকী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালকো আছিল । ১৯৫০ চনত তেওঁ শান্তিৰ নবেল বঁটা লাভ কৰে । ১৯৬৩ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ মস্কোত তেওঁৰ মৃত্যু হয় । এইগৰাকী বিশিষ্ট বিপ্লৱী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।