সাধাৰণতে অখাদ্য খোৱাৰ কাৰণে বা তেজৰ দোষত আমবাত বা এলাৰ্জী হোৱা দেখা যায়। ফুল-ফল, ধূলি -মাকতি আদিৰ যোগেদিও এলাৰ্জী হ’ব পাৰে। গাৰ ছালৰ য’তে -ত’তে এনেকুৱা হ’ব পাৰে। ছাল প্ৰথমে ৰঙা পৰে , খজুৱাই , আৰু চকলা চকল বান্ধে । কেতিয়াবা গাত জ্বলনি পোৰণিও কৰা দেখা যায়।
বন দৰবেৰে আমি এলাৰ্জীৰ পৰা সকাহ পাব পাৰো-
১) আদাৰ ৰস ২০ মিঃ লিঃ ২/৩ বছৰীয়া পুৰণি গুৰৰ সৈতে খাব লাগে।
২) তুলসী পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস মিহলাই খোৱা ভাল।
৩) পূৰৈ শাকৰ ৰস উলিয়াই আমবাত হোৱা ঠাইত সানিলে ভাল ফল পোৱা যায়।
৪) এফুটা নহৰু খুন্দি তাত ভেদাইলতা পাতৰ ৰস ৮ চামুচ মিহলাই খাব লাগে।
৫) পচতীয়াৰ পাত খুন্দি প্ৰলেপ দিব লাগে আৰুপাতৰ ৰস ২০ মিঃ লিঃ খাব লাগে।
৬) ভেদাইলতাৰ ৮/১০ খিলা পাত খুন্দি সানিব লাগে।
৭) কেঁচা হালধি নিতৌ ৫০ গ্ৰামকৈ গুৰৰ লগত ১০/১৫ দিন খাব লাগে।
৮) ইউক্লিপটাচৰ পাত ৪/৫ খিলা মোহাৰি সানিলে ভাল হয়।
৯) দুবৰি বন আৰু কেঁচা হালধি খুন্দি সানিব লাগে আৰু সমপৰিমাণৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।
১০) লঘু আহাৰ কৰিব লাগে। ভেদাইলতা তৰকাৰী কৰি খোৱা ভাল।