আজি ‘সেউজ কোঁৱৰ’ পৰাগধৰ চলিহাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল । তেওঁ শিৱসাগৰ কলেজৰ অধ্যক্ষ আছিল । তেওঁ চিৰাজ, অপৰাজেয়, এণ্টনি মোৰ নাম আদি চলচ্চিত্ৰত অভিনয় কৰিছিল । পিয়লি ফুকন, শোণিত কুঁৱৰী আদি নাটকতো তেওঁ অভিনয় কৰিছিল । জাতীয়তাবাদী ভাবধাৰাৰ চলিহাই ৰাজনীতিতো যোগদান কৰিছিল । অসমীয়া সংস্কৃতি আৰু সাহিত্য, অসমীয়া সংস্কৃতিৰ সুকাণ্ড আদি কেইবাখনো গ্ৰন্থ তেওঁ ৰচনা কৰি থৈ গৈছে । তেওঁ সংগীত নাটক একাডেমিৰ সদস্য হোৱাৰ উপৰি অসম সাহিত্য সভাৰ সম্পাদক তথা উপসভাপতিও আছিল । ১৯৯৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি ফৰাছী দাৰ্শনিক, নাট্যকাৰ, সমালোচক জাঁ পল ছৰ্ত্ৰেৰ ওপজা দিন । ১৯০৫ চনৰ আজিৰ দিনটোতে পেৰিচত তেওঁৰ জন্ম হৈছিল । তেওঁ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত দৰ্শনৰ শিক্ষকতা কৰিছিল যদিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফৰাছী সেনা বাহিনীত এগৰাকী মেটেৰোলজিষ্ট হিচাপে যোগদান কৰে । তেওঁ হিটলাৰৰ নাজী বাহিনীৰ হাতত বন্দীও হয় । যুদ্ধবন্দী অৱস্থাতে তেওঁ নিজৰ প্ৰথমখন নাটক লিখে । তেওঁ নাটকৰ উপৰি উপন্যাস, চুটিগল্প আৰু সমালোচনামূলক গ্ৰন্থও লিখিছিল । ১৯৬৪ চনত তেওঁলৈ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেওঁ তাক প্ৰত্যাখ্যান কৰিছিল । প্ৰখ্যাত নাৰীবাদী নেত্ৰী ছিমন ডি বিউভোয়াৰৰ সৈতে তেওঁৰ মুক্ত বৈবাহিক সম্পৰ্ক আছিল । এইগৰাকী দাৰ্শনিক, সাহিত্যিকলৈ আমাৰ প্ৰণাম ।