আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক,অভিনেতা, সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী । তেওঁ মুঠ পাঁচখন চলচ্চিত্ৰৰ পৰিচালক আছিল । আঠখন চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল । ‘ডক্টৰ বেজবৰুৱা’ তেওঁৰ এক যুগমীয়া কৃতি । আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰা এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ বাবেও এক মাইলৰ খুঁটি স্বৰূপ । নিপ বৰুৱাৰ ‘স্মৃতিৰ পৰশ’ নামৰ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰে তেওঁ চলচ্চিত্ৰ জগতখনত পদাৰ্পণ কৰিছিল । তাৰ পিছত লাচিত বৰফুকন, নৰকাসুৰ, আমাৰ ঘৰ, ভক্ত প্ৰহ্লাদ আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল তেওঁ । ‘ইটো সিটো বহুতো’ চলচ্চিত্ৰখনৰ যোগেদি তেওঁ চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে । ডক্টৰ বেজবৰুৱা তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ । চলচ্চিত্ৰখনৰ গীতো তেওঁ নিজে ৰচনা কৰা । মন আৰু মৰম তেওঁ প্ৰযোজনা কৰা একমাত্ৰ চলচ্চিত্ৰ । ডক্টৰ বেজবৰুৱাৰ উপৰি ললিতা, মুকুতা, ওপজা সোণৰ মাটি আদি চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্যও আছিল তেওঁৰ । ভক্ত প্ৰহ্লাদ আৰু আমাৰ ঘৰৰ গীতত তেওঁ কণ্ঠদান কৰিছিল । তেওঁ আকাশবাণী গুৱাহাটীৰো কণ্ঠশিল্পী আছিল । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।