আজি ভাৰতৰ সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী আইনবিদ, ৰাজনীতিক, দাৰ্শনিক, বুৰঞ্জীবিদ, শিক্ষাবিদ তথা লেখক । তেওঁ ভাৰতীয় সমাজত চলি থকা জাতিভেদ প্ৰথাৰ বিৰুদ্ধে মাত মাতিছিল । ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ তেওঁ সভাপতি আছিল । ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাখনত তেওঁ প্ৰথমগৰাকী আইনমন্ত্ৰী আছিল । ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় । The problem of the Rupee, Gandhi and Jinnah, Thought on linguistic States আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । ১৯৯০ চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰে । ১৯৫৬ চনৰ আজিৰ দিনটোতে দিল্লীত তেওঁৰ দেহাৱসান ঘটে । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।