নেচনেল ডিফেন্স একাডেমী বা চমুকৈ “NDA” সাজু হৈছে মহিলা কেডেটছৰ প্ৰথমটো “batch” আদৰণি জনাবৰ বাবে। উল্লেখ্য যে ২০২২ চনৰ মে‘ ত এই শাখাৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ২০২৩ চনৰ জানুৱাৰী মাহত নিৰ্বাচিত সকলক প্ৰথমটো শ্ৰেণী হিচাপে পঢ়িবলৈ সুবিধা দিয়া হ’ব। প্ৰাপ্ত তথ্য মৰ্মে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰে।
উল্লেখ্য যে “NDA” ৰ প্ৰবেশিকা পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হয়। গতিকে চৰকাৰে এইক্ষেত্ৰত ২০২২ চনৰ মে‘ মাহৰ আগলৈকে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে যাৱতীয় সকলো কাৰ্য কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। লগতে “UPSC (Union Public Service Commission)” কো বছৰৰ আৰম্ভণিতে “NDA” ৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰথম নিৰ্দেশনা দিবলৈ পৰামৰ্শ আগবঢ়াইছে চৰকাৰে।
উল্লেখ্য যে ন্যায়ালয়ৰ সন্মুখত উপস্থাপন কৰা প্ৰস্তাৱনাত প্ৰথম অৱস্থাত কিমান গৰাকী মহিলা কেডেটছক নামভৰ্ত্তীৰ সুবিধা দিয়া হ’ব সেই কথা জানিব পৰা হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে দেশৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। বৰ্তমান সময়লৈকে মাত্ৰ পুৰুষ সকলৰ বাবেহে মুকলি হৈ থকা “National Defense Academy- NDA‘’ ৰ দুৱাৰ এতিয়াৰ পৰা মহিলাসকলৰ বাবেও মুকলি কৰি দিয়া হৈছে।