এতিয়াৰে পৰা ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ হোৱাটছএপৰ জৰিয়তে পোৱা যাব চেকেণ্ডৰ ভিতৰতে- এই কথা জনাইছে ইউনিয়ন হেল্থ মিনিষ্ট্ৰিয়ে। যিসময়ত বহুতো ৰাজ্য তথা কিছুমান ক্ষেত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰিবহণৰ সময়ত ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণ পত্ৰ দেখুওৱা বাধ্যতামূলক কৰিছে, তেনে অৱস্থাত এইয়া এক অতি উল্লেখনীয় পদক্ষেপ। হোৱাটছএপত নিৰ্দিষ্ট পদ্ধতিত টিকাকৰণৰ প্ৰমাণপত্ৰ পোৱা কাৰ্য, CoWIN vaccination portal ত প্ৰমাণপত্ৰ পোৱাতকৈ সহজ পদ্ধতি হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মানচুখ মান্দাভ্যা “Mansukh Mandaviya” য়ে জনোৱা মতে কোনো লোকে প্ৰমাণপত্ৰ ডাউনল’ড কৰিব বিচাৰিলে এক নিৰ্দিষ্ট নম্বৰত মেছেজ কৰি লাভ কৰিব পাৰিব ।
- ক’ভিড-১৯ৰ টিকাকৰণৰ প্ৰমাণপত্ৰ MyGov Corona Helpdesk ৰ পৰা ৩টা সহজ পদ্ধতিৰ জৰিয়তে লাভ কৰিব পাৰিব ।
- যোগাযোগৰ বাবে হোৱাটছএপৰ জৰিয়তে +৯১ ৯০১৩১৫১৫১৫ নম্বৰটোত “covid certificate” বুলি লিখি মেছেজ পঠিয়াব লাগিব ।
- ইয়াৰ বাবে যথাস্থানত অ টি পি (OTP) দিয়াৰ পাচত টিকাকৰণৰ প্ৰমাণপত্ৰ পোৱা যাব ।
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ শশী থাৰুৰ ’‘Shashi Tharoor” য়ে এই পদ্ধতিটো সহজ আৰু ক্ষিপ্ৰ বুলি মত প্ৰকাশ কৰিছে । নেতাজনেও নিজৰ টুইটাৰ একাউন্টত হোৱাটছএপৰ জৰিয়তে টিকাকৰণৰ প্ৰমাণপত্ৰ পাব পৰা পদ্ধতিৰ কথা উল্লেখ কৰি নিজৰ কথা ব্যক্ত কৰিছে ।
উল্লেখযোগ্য যে এইক্ষেত্ৰত বহুতো লোকে এই পদ্ধতি গ্ৰহণ কৰাৰ পাচতো কিছু অসুবিধাৰ সন্মুখীন হৈছে। কোনো কোনো লোকৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ খনত দুয়োটা ড’জ লোৱাৰ তাৰিখ একেটাই বুলি দেখুৱাইছে। আনহাতে কোনো লোকৰ ক্ষেত্ৰত দুয়োটা ড’জ লোৱাৰ পাচতো টিকাকৰণ হোৱাই নাই বুলি ভূল তথ্যও দেখুওৱা হৈছে। কিন্তু এই কথা কিমানদূৰ সত্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।