বৰ্তমান সময়ত অসমীয়া সাহিত্য জগতত এক পৰিচিত নাম কবিতা দত্ত গোস্বামী ৷ বিশেষকৈ অনুবাদ সাহিত্য জগতত তেওঁক চিনি নোপোৱা মানুহ হয়তো নোলাব ৷ এই গৰাকী লেখিকাই বহু বছৰৰ পৰাই অনুবাদ সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰি তুলিছে ৷অৱশ্যে এইগৰাকী লেখিকাই যে অনুবাদ সাহিত্যৰ বাদেও আন সাহিত্যৰ সৃষ্টি কৰা নাই এনে নহয় ৷ অৱশ্যে অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদান তুলনামূলক ভাৱে অধিক ৷ উৰিষ্যালৈ গৈ ওড়িয়া ভাষা গভীৰ ভাৱে অধ্যয়ন কৰি তেওঁ অসমীয়া ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী লেখিকা ড০প্ৰতিভা ৰায়ৰ ওড়িয়া ভাষাৰ বহুকেইখন জনপ্ৰিয় গ্ৰন্থ ৷
শেহতীয়াকৈ অনুবাদ সাহিত্যিক কবিতা দত্ত গোস্বামীয়ে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত তেওঁৰ ব্যক্তিগত প্ৰফাইল যোগে তেওঁ অনুবাদ কৰা এখন গ্ৰন্থ সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি লিখিছে যে মহাৰ্ঘ জীৱনৰ মহীয়ান ঘটনাৱলীৰ অতিপাত কঠন অথবা বৰ্ণনা এই গ্ৰন্থখনত নাই, আছে মাথো প্ৰতিনিয়ত বাধা আৰু বিষাদ, জড়তা আৰু প্ৰতিকূলতাক অতিক্ৰম কৰি এজনী তেনেই সাধাৰণ ছোৱালীয়ে কেনেকৈ তাইৰ অসাধাৰণ সপোনৰ পম খেদি ফুৰিছিল সেই কথা। সেই ছোৱালীজনীৰ সপোন আছিল লেখিকা হোৱাৰ।সেয়ে হয়তো তেনেই কম বয়সতে আচৰিত ভাবে তাই নিজক এদিন আৱিষ্কাৰ কৰিছিল,আৱিষ্কাৰ কৰিছিল তাইৰ ভিতৰত থকা কবিত্ব প্ৰতিভাক। মাক দেউতাকে কোনো ৰাশিচক্ৰ নোচোৱাকৈয়ে সেই ছোৱালীজনীৰ নাম ৰাখিছিল “প্ৰতিভা”। দেউতাকৰ নয়নৰ মণি প্ৰতিভাৰ প্ৰতিভাক পিতৃয়ে নিচেই সৰুতেই চিনি পেলাইছিল। এদিন স্কুলত তাই নিজেই গৈ নাম লিখাই আহিছিল প্ৰতিভা দাস বুলি আৰু বৈবাহিক সূত্ৰে এদিন তেওঁ হৈ পৰিছিল প্ৰতিভা ৰায়। আজি প্ৰতিভা ৰায় কেৱল এগৰাকী লেখিকাই নহয়, ভাৰতীয় সাহিত্যজগতৰ এক উজ্বল নক্ষত্ৰ। তেওঁৰ প্ৰতিভাময়ী জীৱন কাহিনীক লৈ ৰচনা কৰা আত্মজীৱনী “পদুম পাতত জীৱন” পঢ়িলে এখন উপন্যাস যেনেই লাগে। যি খুব সৰুৰে পৰাই দেউতাকৰ অনুপ্ৰেৰণাতে ডায়েৰী লিখাৰ অভ্যাস গঢ়ি তুলিছিল। সৰু বৰ ঘটনাবোৰক দৈনিক লিপিবদ্ধ কৰি পাইছিল আনন্দ।
ফেচবুক প’ষ্টটোত লেখিকা গৰাকীয়ে পুনৰ লিখিছে যে জীৱনৰ সত্য, ভাগ্য-দুৰ্ভাগ্য, সুখ-দুখ, বিজয় আৰু বিৰম্বনাক প্ৰাণৰ ৰসেৰে পুষ্ট কৰি ডায়েৰীৰ পৃষ্ঠাক সমৃদ্ধ কৰি ৰখা লিখনী খিনিকেই তেওঁৰ গুণগ্ৰাহী পাঠকৰ ঐকান্তিক অনুৰোধত এদিন আত্মজীৱনী হিচাপে প্ৰকাশ কৰিলে প্ৰতিভা ৰায় নামৰ সেই শক্তিশালী লেখিকা গৰাকীয়ে ।
জ্ঞানপীঠ বিজয়ী লেখিকা ড০প্ৰতিভা ৰায়ৰ আত্মজীৱনী “পদুম পাতত জীৱন” পঢ়ি সেয়ে গোস্বামীয়ে ভাবিলে যে এই জীৱনীয়ে নিশ্চয় উঠি অহা প্ৰজন্মকো যথেষ্ট উৎসাহ যোগাব।
গুৱাহাটীৰ পাণবজাৰত অৱস্থিত “জ্যোতিপ্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত “পদুম পাতত জীৱন” নামৰ এই আত্মজীৱনীখনৰ মূল ওড়িয়া “পদ্ম পত্ৰৰে জীৱন”ৰ ৰচয়িতা ড০প্ৰতিভা ৰায়ে শেহতীয়াকৈ লাভ কৰিলে পদ্মভূষণ সন্মান। ২০১২চনত সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত লেখিকা ড০ৰায় বৰ্তমান ভাৰতীয় জ্ঞানপীঠ বোৰ্ডৰ চেয়াৰপাৰ্চন।
আগন্তুক গ্ৰন্থমেলাত উপলব্ধ হ’ব বিশিষ্ট অনুবাদক কবিতা দত্ত গোস্বামী দ্বাৰা অনুদিত ওড়িয়া মূলৰ আত্মজীৱনীমূলক গ্ৰন্থ “পদ্ম পত্ৰৰে জীৱন”ৰ অসমীয়া ৰূপ “পদুমপাতত জীৱন ” ।