অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ এডিটৰ ইন চীফ শ্ৰী প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিক বঁটা’ ৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত ‘পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ’ই আজি এই ঘোষণা কৰে ৷ অহা ১৭মে’ত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি পুৱা ১১বজাত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰিবলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ৷ বিগত ১১বছৰ ধৰি আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ সৈতে সাংবাদিকতা জীৱন আৰম্ভ কৰা একাংশ সাংবাদিকক লৈ গঠিত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিক গৰাকীৰ পবিত্ৰ স্মৃতিত প্ৰতিবছৰেই এই সাংবাদিকতা বঁটা প্ৰদান কৰি আহিছে ৷ উল্লেখ্য যে পূৰ্বে সাংবাদিক গৰাকীৰ ওপজা দিন ২৪ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও এই বৰ্ষৰ পৰা সাংবাদিক গৰাকীৰ মৃত্যু তিথি ১৭মে’ত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই জানিবলৈ দিয়া মতে এই বঁটাৰ সৈতে আগবঢ়োৱা হ’ব নগদ ২৫,০০০টকা,স্মাৰক,চেলেং চাদৰ আৰু প্ৰশংসা পত্ৰ ৷
আশীৰ দশকৰ পৰা দৈনিক জনমভূমি কাকতৰ সৈতে সাংবাদিকতা জীৱন আৰম্ভ কৰা বিশিষ্ট সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰুক প্ৰায় চাৰি দশকজোৰা সাংবাদিকতা জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ বিগত চাৰিটা দশকত শ্ৰী ৰাজগুৰুৱে দৈনিক জনমভূমি ,অসমীয়া প্ৰতিদিন ,দৈনিক অসম আদি ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত সাংবাদিকতাৰে অসমৰ সংবাদ জগতত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ আমাৰ অসম কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী ৰাজগুৰুৱে প্ৰাগ নিউজৰ এডিটৰ ইন চীফ হিচাপে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সাংবাদিকতাতো নিজস্ব স্থান দখল কৰিছে ৷ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ সময়ত ‘অসমীয়া প্ৰতিদিন’ কাকতত সতীৰ্থ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷
উল্লেখযোগ্য যে সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰুক অহা ১৭মে’ত এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী তথা লেখক ড০ দীনেশ গোস্বামীয়ে ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে সকলোলৈকে সাদৰ আমন্ত্ৰণ জনাইছে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ৷