ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীত নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ৷ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই সংগ্ৰহালয়ত মানুহে ভাৰতৰ সংসদ আৰু ইয়াৰ কাম-কাজৰ বিষয়ে জানিব পাৰিব।আনহাতে দেশ বিভাজনৰ বিষয়েও অধিক জনাৰ লগতে প্ৰতক্ষ কৰিব পাৰিব দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ শয়ন কক্ষ আৰু চ’ৰা ঘৰ।
এই প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ যোগেদি দেশৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ পৰা এতিয়ালৈকে লাভ কৰা বিখ্যাত উপহাৰসমূহো স্ব-চক্ষে চাব পাৰিব সকলোৱে।
সংবাদ মাধ্যম সমূহত প্ৰকাশ পোৱা তথ্য অনুসৰি দিল্লীৰ তিন-মূৰ্তি মাৰ্গত ১৫,৬০০ বৰ্গমিটাৰ এলেকা আৰু ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়টো এনে প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে, যাৰ জৰিয়তে ভাৰতৰ অতীত সম্বন্ধে বহুকথাই জানিব পাৰিব দৰ্শনাৰ্থী সকলে।
কেৱল এয়াই নহয়, ইয়াত এজন ব্ক্তিয়ে পি.এম. মোদীৰ পৰা আৰম্ভ কৰি নেহৰুলৈকে সকলোৰে লগত খোজকাঢ়ি যাব পাৰিব আৰু লগতে ছবিও তুলিব পাৰিব নিজৰ।
প্ৰথম অৱস্থাত এই সংগ্ৰহালয়টোৰ নাম আছিল নেহৰু নেহৰু মিউজিয়াম, বৰ্তমান যাৰ নাম ৰখা হৈছে পি. এম. মিউজিয়াম অৰ্থাৎ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়।
ইয়াত ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী মোদীলৈকে দেশৰ ১৪ জন প্ৰধানমন্ত্ৰীৰ প্ৰত্যেকৰে একো একোটা গেলেৰী নিৰ্মাণ কৰা হৈছে। প্ৰতিজন প্ৰধানমন্ত্ৰীৰ বাবে এটা সুকীয়া শিতান তৈয়াৰ কৰা হৈছে, য’ত তেওঁলোকৰ কাৰ্যকালৰ কৃতিত্ব সমূহ জানিব পাৰিব। নতুন প্ৰযুক্তিৰে সৃষ্টি কৰা এই প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত তেওঁলোকৰ প্ৰাৰম্ভিক ৰাজনৈতিক কেৰিয়াৰ আৰু তেওঁলোকৰ সফলতাও দেখা পাব ।
অৱসৰপ্ৰাপ্ত কৰ্ণেল বিজয় কুমাৰ, ছিব্বৰে কয় যে ইয়াত ভাৰতৰ ইতিহাস আৰু বৰ্তমানৰ বিষয়ে জানিব পাৰি।
উল্লেখনীয় যে এই সংগ্ৰহালয়টোত এটা টাইম মেচিনো আছে, য’ত অতীতলৈ গৈ দেশৰ ইতিহাস জানিব পাৰিব। ইয়াত কাইনেটিক এল ই ডি লাইটৰ সহায়ত নিৰ্মাণ কৰা হৈছে ত্ৰিৰংগ।লগতে ইয়াত আছে হাতৰ আখৰৰ এটা ৰবটিক মেচিন, যিয়ে কথা ক’লেই ল’ব পাৰে যিকোনো এজন প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰ ।
কেৱল এয়াই নহয়, পি এম মিউজিয়ামত আছে ৬০ হেলিকপ্টাৰ ৰাইড জ’ন, য’ত ভাৰতৰ ভৱিষ্যতৰ অভিজ্ঞতাও লাভ কৰিব পাৰি। ৰাইডৰ সময়ত দৰ্শনাৰ্থীক দেখুওৱা হ’ব ভাৰতৰ ভৱিষ্যত ।
লগতে প্ৰধানমন্ত্ৰী মোডীকে ধৰি ১৪ জন প্ৰধানমন্ত্ৰীৰ সৈতে খোজ কাঢ়িও তৈয়াৰ কৰিব পাৰি ভিডিঅ’ও।