ডিব্ৰুগড়ত অসমৰ স্বনামধন্য সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ডক্তৰ নগেন শইকীয়াৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে সাহিত্য অকাডেমীৰ সচিব ডি. কে. শ্ৰীনিবাস ৰাৱে৷
সুধাকণ্ঠ ডক্তৰ ভূপেন হাজৰিকাৰ পাচতেই জীৱিত কালত এই বিশেষ সন্মান প্ৰদান কৰা হয় মিতভাষৰ শ্ৰষ্টা গৰাকীক৷ ডিব্ৰুগড়ত প্ৰহৰীৰ দ্বাৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰি তেখেতক এই সন্মান প্ৰদান কৰা হৈছে ৷
অসম সাহিত্যসভাৰ দুটা কাৰ্য্যকালৰ সভাপতি তথা প্ৰবীণ সাংবাদিক গৰাকীৰ ১১ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে বিশিষ্ট ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই ৷ জানিবপৰা মতে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ ব্যয় হৈছে ২৫ লাখ টকা৷
ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য্যবৰ্দ্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতি প্ৰহৰীৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিংগীস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ কাষৰ শিশু উদ্যানত স্থাপন কৰা হয় বিশিষ্ট সাহিত্যিক গৰাকীৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি৷
কিন্তু দুখৰ বিষয় যে শাৰীৰিক অসুস্থতাৰ বাবে সাহিত্যিক গৰাকী বুধবাৰে অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷