পৃথিৱীৰ আশ্চৰ্য্যকৰ ঠাই নাইবা বস্তুৰ তালিকাত এনে বহু বস্তু আছে যিবোৰ ইমানেই অনন্য যে এইবোৰৰ বিষয়ে জানিলে বা দেখিলে সকলো আচৰিত হয়।তেনে এক আশ্চৰ্য্য হ’ল বক্ৰ মন্দিৰ ৷ মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে গৈ বক্ৰ কৈ মাটিত থিয় হৈ থকা টাইৱানৰ এই অট্টালিকা সঁচাকৈয়ে এক আশ্চৰ্য্য।
চমাচাৰ নামাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি টাইৱানত এটা মন্দিৰ আছে যিটো বেঁকা। এই মন্দিৰটো টাইৱান প্ৰদেশৰ চিয়ায়ি কাউন্টিত অৱস্থিত। অৱশ্যে এই মন্দিৰটো আৰম্ভণিৰে পৰা বেঁকা নাছিল, এসময়ত পোন আছিল এই মন্দিৰ ৷ জানিবপৰা মতে ২০০৯ চনত টাইৱানত মোৰাকট নামৰ এটা ডাঙৰ ধুমুহা আহিছিল। ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত প্ৰচণ্ড বৰষুণৰ ফলত বোকা খহনীয়া আৰু ভূমিস্খলন হয়। বহু অট্টালিকা খহি পৰিল। ধুমুহাই মন্দিৰটোও ক্ষতিগ্ৰস্ত কৰাৰ লগতে ইয়াৰ ভেটিটো কিছু লৰচৰ কৰে ৷ যাৰ ফলত অট্টালিকাটোৰ কোনো ক্ষতি হোৱা নাছিল যদিও ই ৪৫ ডিগ্ৰী হেলনীয়া হৈ পৰে। ছ’চিয়েল মিডিয়াত এই মন্দিৰটো এতিয়া বহুত চৰ্চিত হৈছে।
এই টেড়া মন্দিৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।পাহাৰৰ পৰা প্ৰায় ১০০ মিটাৰ তলৰ মন্দিৰটো যাদুকৰীভাৱে এতিয়াও অক্ষত অৱস্থাত আছে। টাইহে জিনছিং পেলেচলৈ অহা দৰ্শনাৰ্থীসকলে এই মন্দিৰটো কিমান বেঁকা জানিবলৈ কেৱল ফোনটো হেলনীয়া কৰিব লাগে, যাৰ বাবে মন্দিৰটো পোন যেনেই দেখা যায় কিন্তু ব্যক্তিজনহে বেঁকা হৈ পৰে। মানুহে ইয়াক টাইৱানৰ হেলনীয়া টাৱাৰ বুলি কয় ।
এই টাৱাৰৰ দৈৰ্ঘ্য ৫৫.৮৬ মিটাৰ । দ্বাদশ শতিকাত যেতিয়া এই টাৱাৰটো নিৰ্মাণ কৰা হৈছিল, তেতিয়া ই হেলনীয়া হ’বলৈ আৰম্ভ কৰিছিল। ১৯৯০ চনলৈকে এই টাৱাৰটো ৫.৫ ডিগ্ৰীলৈকে হেলনীয়া হৈ পৰিছিল। বিশেষজ্ঞসকলে জনোৱা মতে, ১২৮০ চনৰ পৰা এই টাৱাৰটোৱে ৪টাকৈ বৃহৎ ভূমিকম্প সহ্য কৰিছে।